আজি পাণ্ডুস্থিত ভাৰতীয় আভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণৰ কাৰ্যালয়ত আয়োজন কৰা হয় এক বিশেষ সংবাদমেলৰ।সন্ধিয়া আয়োজন কৰা এই সংবাদমেলখন ভাৰতীয় আভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণৰ অধ্যক্ষ জয়ান্ত সিঙে সম্বোধন কৰে। তেওঁ জানিবলৈ দিয়া মতে, অহা ২৬ আগষ্টৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পাণ্ডু প'ৰ্টত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ।
উক্ত অনুষ্ঠানৰ প্ৰথমটো দিনত ভাৰতীয় আভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰৰ মাজত এক পাৰস্পৰিক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হ'ব। ইয়াৰোপৰি উক্ত দিনাই পাণ্ডুত জাহাজ মেৰামতি কেন্দ্ৰ স্থাপন সন্দৰ্ভত হুগলী ক'চিন শ্বীপয়াৰ্ড লিমিটেড চমুকৈ HCSLৰ সৈতেও আন এক চুক্তি সম্পন্ন হ'ব বুলি অধ্যক্ষগৰাকীয়ে জনায়।
লগতে তেওঁ ২৬ তাৰিখৰ পৰা দুদিনীয়াকৈ হ'বলগীয়া অনুষ্ঠানে জল পৰিবহণ ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে। মন কৰিবলগীয়া কথা যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিয়েই জল পৰিবহণ ব্যৱস্থাক উন্নতকৰণত বিশেষ গুৰুত্ব দিছে।
সংবাদমেলত এই কথা উল্লেখ কৰে ভাৰতীয় আভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণৰ অধ্যক্ষ জয়ন্ত সিঙে। ইফালে জল পৰিবহণ ব্যৱস্থাক অধিক উন্নত কৰাৰ আন কেতবোৰ পদক্ষেপ বিভাগে গ্ৰহণ কৰাও বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। জল পথৰে বহিঃৰাষ্ট্ৰৰ লগত সংযোগ স্থাপনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ বিভাগটোৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|