মুখ্যপৃষ্ঠা »খবৰ »অসম »G20 Summit in Guwahati : হোটেল ৰেডিছন ব্লুত G20 সন্মিলনক লৈ সংবাদমেল, প্ৰতিদিনে যোগাসনেৰে আৰম্ভ হ'ব বৈঠকৰ কাৰ্যসূচী

G20 Summit in Guwahati : হোটেল ৰেডিছন ব্লুত G20 সন্মিলনক লৈ সংবাদমেল, প্ৰতিদিনে যোগাসনেৰে আৰম্ভ হ'ব বৈঠকৰ কাৰ্যসূচী

প্ৰতিদিনে বৈঠকৰ অন্তত G20ৰ বিষয়ববীয়াই সংবাদমেল সম্বোধন কৰিব বুলি প্ৰকাশ কৰে।

প্ৰতিদিনে বৈঠকৰ অন্তত G20ৰ বিষয়ববীয়াই সংবাদমেল সম্বোধন কৰিব বুলি প্ৰকাশ কৰে।

  • Share this:

জালুকবাৰীৰ হোটেল ৰেডিছন ব্লু'ত G20 সন্মিলনক লৈ সংবাদমেল। কেন্দ্ৰীয় চৰকাৰৰ হৈ সংবাদমেল সম্বোধন কৰে গীতু যোশী আৰু চন্দানী ৰাইনাই।


দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব G20 গোটৰ গুৰুত্বপূৰ্ণ বৈঠক। ২০খন ৰাষ্ট্ৰৰ ১০০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই বৈঠকত।


গীতু যোশীয়ে উল্লেখ কৰে যে এখন বিশ্ব, এটা পৰিয়াল, এটা ভৱিষ্যত্‍ শীৰ্ষক লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰতিনিধিসকলে অসমৰ ভিন্ন ঐতিহ্যক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে প্ৰতিদিনে যোগাসনৰে আৰম্ভ হ'ব বৈঠকৰ কাৰ্যসূচী।


G20 প্ৰট'কল অনুসৰি প্ৰতিনিধি আৰু কাৰ্যসূচীৰ সবিশেষ তথ্য প্ৰকাশ কৰা নহয় বুলি জানিবলৈ দি প্ৰতিদিনে বৈঠকৰ অন্তত G20ৰ বিষয়ববীয়াই সংবাদমেল সম্বোধন কৰিব বুলি প্ৰকাশ কৰে।

শেহতীয়া বাতৰি