যিসকল কেডাৰ উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাই, ভাট্টা আদিও পোৱা নাই।
যিসকল কেডাৰ উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাই, ভাট্টা আদিও পোৱা নাই।
BTR চুক্তিৰ দুই মধ্যস্থতাকাৰীৰ সংবাদমেল। সংবাদমেলত ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়নদেৱ মেচ আৰু থুলুংগা বসুমতাৰীৰ বিস্ফোৰক অভিযোগ। ২৭ জানুৱাৰীত BTR চুক্তি স্বাক্ষৰিত হৈছিল, কিন্তু এতিয়া এই চুক্তিৰ ফোঁপোলা স্বৰূপহে ওলাইছে। ৩নং দফা অনুসৰি বড়ো গাঁও বা জনজাতীয় গাঁও অন্তৰ্ভুক্ত কৰাৰ কথা আছিল। ইয়াৰ বাবে গঠন কৰিবলগীয়া আয়োগেই ৭ মাহে গঠন নহ'ল।
‘যিসকল কেডাৰ উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাই, ভাট্টা আদিও পোৱা নাই। যদি এনেদৰে অৱহেলা কৰে তেন্তে পুনৰ ডিভাইড আছাম 50-50 ক'বলৈ বাধ্য হ’ম। No Bodoland No Rest দাবীৰে পুনৰ আন্দোলন আৰম্ভ হ'ব।’ – ক’লে দুই মধ্যস্থতাকাৰীয়ে।
ভাৰত চৰকাৰ, অসম চৰকাৰলৈ আহ্বান, NDFBৰ কেডাৰসকলৰ সকলো গোচৰ উঠাই লওক, ভাট্টা দিয়ক। চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালৰ দ্বাৰস্থ হৈছে দুই মধ্যস্থতাকাৰী। নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ন্যায়ালয়ত দাখিল কৰিছে PIL।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|