মুখ্যপৃষ্ঠা » খবৰ

» অসম

»এনে গ্ৰাহকে কিস্তিত দিব পাৰিব বিদ্যুৎ বিল, শক্তিমন্ত্ৰীৰ সংবাদ মেলত ওলাল- ১০৬ কোটি টকা দিবলৈ আছে চৰকাৰী বিভাগে

এনে গ্ৰাহকে কিস্তিত দিব পাৰিব বিদ্যুৎ বিল, শক্তিমন্ত্ৰীৰ সংবাদ মেলত ওলাল- ১০৬ কোটি টকা দিবলৈ আছে চৰকাৰী বিভাগে

Gautam Barman | News18-Assam
Updated:June 28, 2021, 5:55 PM IST
এনে গ্ৰাহকে কিস্তিত দিব পাৰিব বিদ্যুৎ বিল, শক্তিমন্ত্ৰীৰ সংবাদ মেলত ওলাল- ১০৬ কোটি টকা দিবলৈ আছে চৰকাৰী বিভাগে
বিদ্যুৎ চুৰিৰ লগত পৰোক্ষভাৱে শক্তি বিভাগৰো কিছু লোক জড়িত আছে বুলি কৈ মন্ত্ৰী বৰাই তেনে লোকক সতৰ্ক কৰি দিয়ে

বিদ্যুৎ চুৰিৰ লগত পৰোক্ষভাৱে শক্তি বিভাগৰো কিছু লোক জড়িত আছে বুলি কৈ মন্ত্ৰী বৰাই তেনে লোকক সতৰ্ক কৰি দিয়ে

  • Share this:

ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শক্তিমন্ত্ৰী বিমল বৰাই বিদ্যুৎ ক্ষেত্ৰখনত চলি থকা নানা বেমেজালি আঁতৰাই ইয়াক এক নতুন দিশ দিয়াৰ চেষ্টাত ব্ৰতী হোৱা দেখা গৈছে। বিমল বৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তত বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ অনাৰ লগতে ইয়াৰ বিৰুদ্ধে লৈছে যাৱতীয় পদক্ষেপ। আজি শক্তিমন্ত্ৰীগৰাকীয়ে বিজুলী ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ বিদ্যুৎ বিলৰ ওপৰত আলোকপাত কৰে।


মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে ৰাজ্যত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আছে যদিও ৰাইজক প্ৰতিমুহূৰ্তত বিদ্যুৎ প্ৰদানৰ বাবে বিভাগটো ইচ্ছুক। কিন্তু বিদ্যুৎ চুৰিৰ বাবে চৰকাৰে বহুখিনি ৰাজহ হেৰুৱাব লগা হৈছে, বিগত এমাহত ৰাজ্যৰ ১২৪টা স্থানত বিদ্যুৎ চুৰি ধৰা পৰিছে। আনহাতে চৰকাৰী বিভিন্ন বিভাগে বিদ্যুতৰ বাবদ মুঠ ১০৬ কোটি টকা আদায় দিবলৈ আছে। এইক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে সৰ্বাধিক ২৬.৩১ কোটি টকা দিবলৈ আছে।


আনহাতে বিদ্যুৎ চুৰিৰ লগত পৰোক্ষভাৱে শক্তি বিভাগৰো কিছু লোক জড়িত আছে বুলি কৈ মন্ত্ৰী বৰাই তেনে লোকক সতৰ্ক কৰি দিয়ে। উল্লেখ্য, বৰাই প্ৰতিমাহৰ ১০ তাৰিখৰ ভিতৰত গ্ৰাহকৰ হাতত যাতে বিল পৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যুৎ বিভাগক নিৰ্দেশ দিয়ে। লগতে ৩০ হাজাৰ টকালৈকে বিদ্যুৎ বিল দিবলৈ বাকী থকা গ্ৰাহকে ১০টা কিস্তিত বিল আদায় দিব পাৰিব বুলি উল্লেখ কৰে। আনহাতে ৩০ৰ পৰা ৫০ হাজাৰলৈ বিল দিবলগীয়া থকাসকলে ১৫টা কিস্তিত জমা দিব পাৰিব।

Published by: Gautam Barman
First published: June 28, 2021, 5:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি