মুখ্যপৃষ্ঠা »খবৰ »অসম »Indian Youth Congress : ''অংকিতা দত্তৰ সহযোগিতাতেই হ'ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন, মতভেদ আমাৰ মাজত নাই''- ৰাজীৱ ভৱনত সংবাদমেল

Indian Youth Congress : ''অংকিতা দত্তৰ সহযোগিতাতেই হ'ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন, মতভেদ আমাৰ মাজত নাই''- ৰাজীৱ ভৱনত সংবাদমেল

৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ যুৱ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান

৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ যুৱ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান

  • Share this:

কালি যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক অপসাৰণ কৰাৰ পিছত আজি ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেল সম্বোধন কৰে যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ দায়িত্বত থকা বৰ্ধন যাদৱে।


সংবাদমেল অসম যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ দিন ঘোষণা সন্দৰ্ভত প্ৰকাশ কৰাৰ লগতে ৪টা জ’নত বিভক্ত কৰি এই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে। নিৰ্বাচন উজনি, নামনি, মধ্য অসম, বৰাক আৰু পাৰ্বত্য জিলাক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰিব।


অসম যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ বাবে ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ হ’ব নমিনেচন প্ৰক্ৰিয়া। অনলাইন প্ৰক্ৰিয়াৰে হ’বলগীয়া নমিনেচন দিয়া প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনো অপৰাধজনিত গোচৰ থাকিলে সেয়া বিচাৰাধীন হ'ব।


৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ যুৱ কংগ্ৰেছৰ সদস্য ভৰ্তি হ'ব। সদস্যভৰ্তি অভিযান সম্পন্ন হোৱাৰ পিছতে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন। মোবাইলযোগে ভোটদান কৰিব পাৰিব যুৱ কংগ্ৰেছৰ নিৰ্বাচনত।


আনহাতে অংকিতা দত্তক অপসাৰণ কৰা সন্দৰ্ভত উল্লেখ কৰা হয় যে পূৰ্বৰ যুৱ কংগ্ৰেছৰ কমিটিখন ক'ভিডৰ বাবে এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ২০১৮ত গঠিত হোৱা কমিটিৰ সময় ২০২১ তে উকলিছিল। অংকিতা দত্ত ভাৰপ্ৰাপ্ত হিচাপেহে সভাপতিৰ দায়িত্বত আছিল। এতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হ'ব নিৰ্বাচন।


যাদৱে কয়- ''অংকিতা দত্তৰ সহযোগিতাতেই হ'ব আগন্তুক নিৰ্বাচন। কোনো মতভেদ আমাৰ মাজত নাই। গণতান্ত্ৰিক প্ৰক্ৰিয়া অনুসৰি হ'ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন। মোৰ ক্ষেত্ৰত যি অভিযোগৰ কথা কৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ইয়াৰ বিচাৰ কৰিব।''

শেহতীয়া বাতৰি