কাইলৈ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস। ৰাষ্ট্ৰপতিয়ে এই দিৱস উপলক্ষে অসমৰ চাৰিগৰাকী গৃহৰক্ষী জোৱানলৈ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদকৰ বাবে নিৰ্বাচিত জোৱানসকল হৈছে চুবেদাৰ মোহিনী মোহন শৰ্মা (গৃহৰক্ষী), প্লেটুন কমাণ্ডাৰ গণেশ ডেকা (গৃহৰক্ষী), হাবিলদাৰ হৰেশ্বৰ বৰগোহাঁই (গৃহৰক্ষী) আৰু কনিষ্টবল অসীম কুমাৰ কৰ (গৃহৰক্ষী)।
নিজৰ কৰ্মক্ষেত্ৰত বিশেষ মেধাৱী সেৱাৰ বাবে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা মেডেল প্ৰদানৰ অনুমোদন জনাইছে দেশৰ ৰাষ্ট্ৰপতিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|