সমগ্ৰ ভাৰতবৰ্ষৰ কাৰাগাৰসমূহৰ সংস্কাৰমূলক কামৰ বাবে ৰাষ্ট্ৰপতিৰ সংস্কাৰমূলক উৎকৰ্ষতাৰ বঁটাৰ বাবে বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰ নিৰ্বাচিত৷ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰকাশ পোৱা এক বিবৃতিত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৩৬ গৰাকী বিষয়া–কৰ্মচাৰীলৈ ৰাষ্ট্ৰপতিৰ এই পুৰস্কাৰ আগবঢ়োৱা কথা ঘোষণা কৰা হৈছে৷
বৰপেটাৰ কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰ অসমৰ পৰা বঁটা লাভ কৰা একমাত্ৰ বিষয়া৷ দীৰ্ঘ দিনৰ পৰা কাৰাগাৰৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰভাৱে কৰি অহা সংস্কাৰমূলক কৰ্মৰাজিৰ বাবেই বিষয়াগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷
কাৰাগাৰক সংস্কাৰৰ থলী হিচাপে গঢ়ি তুলি অপৰাধীসকলক ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ চলাই অহা প্ৰয়াসৰ কথাও উল্লেখ কৰে কাৰাগাৰ অধীক্ষকগৰাকীয়ে ৷ কাৰাগাৰৰ দিনলিপি লিখি এক সুলেখক হিচাপে বিশেষ পৰিচিতি লাভ কৰা গোবিন্দ মালাকাৰ কামৰূপ জিলাৰ হাজোৰ বৰদধিৰ প্ৰয়াত পৰেশ চন্দ্ৰ মালাকাৰ আৰু বাসন্তী মালাকাৰৰ দ্বিতীয় পুত্ৰ। গোবিন্দ মালাকাৰৰ বঁটা প্ৰাপ্তিৰ বতৰাই কৰ্মস্থলী বৰপেটাৰ লগতে হাজোৰ বৰদধি অঞ্চলবাসীকো আনন্দিত কৰি তুলিছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|