• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি অসমলৈ আহিব NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু, মিত্ৰজোঁটৰ বিধায়কৰ পৰা বিচাৰিব ভোট

আজি অসমলৈ আহিব NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু, মিত্ৰজোঁটৰ বিধায়কৰ পৰা বিচাৰিব ভোট

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি নিশাটো হোটেল ৰিডিছন ব্লুত কটাব৷

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি নিশাটো হোটেল ৰিডিছন ব্লুত কটাব৷

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি নিশাটো হোটেল ৰিডিছন ব্লুত কটাব৷

  • Share this:
অসমলৈ আহি আছে এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। আজি নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’ব দ্ৰৌপদী মুৰ্মু। নিশা ৮.৩০ বজাত বিমানবন্দৰত উপস্থিত হ’বলগীয়া ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক বিমানবন্দৰতে উষ্ম আদৰণি জনাব মন্ত্ৰী পীযূষ হাজৰিকাই।

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি নিশাটো হোটেল ৰিডিছন ব্লুত কটাব৷ কাইলৈ মিত্ৰজোঁটৰ বিধায়ক সকলৰ পৰা ভোট বিচাৰিব মুৰ্মুৱে। একেলগে এক বহিব বৈঠকতো অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে৷

উল্লেখযোগ্য যে অসমত বিধায়কৰ মুঠ ভোটৰ মূল্য হ’ল ১৪৬১৬। প্ৰতিগৰাকী বিধায়কৰ ভোটাৰ মূল্য হ’ল ১১৬।
Published by:Sanjay Kumar Das
First published: