• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Trinamool Congress : ''বিজেপিৰ শক্তিশালী বিকল্প হিচাপে অসম তৃণমূল কংগ্ৰেছে থিয় দিবলৈ সক্ষম হ'ব''- তৃণমূল কংগ্ৰেছৰ যোগদান সভাত সভাপতি ৰিপুণ বৰা

Assam Trinamool Congress : ''বিজেপিৰ শক্তিশালী বিকল্প হিচাপে অসম তৃণমূল কংগ্ৰেছে থিয় দিবলৈ সক্ষম হ'ব''- তৃণমূল কংগ্ৰেছৰ যোগদান সভাত সভাপতি ৰিপুণ বৰা

ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত উত্তৰ অভয়াপুৰীৰ পৰা এক ৩০ কিলোমিটাৰজোৰা বাইক ৰেলী উলিওৱা হয়।  

ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত উত্তৰ অভয়াপুৰীৰ পৰা এক ৩০ কিলোমিটাৰজোৰা বাইক ৰেলী উলিওৱা হয়।  

ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত উত্তৰ অভয়াপুৰীৰ পৰা এক ৩০ কিলোমিটাৰজোৰা বাইক ৰেলী উলিওৱা হয়।  

  • Share this:
অসম তৃণমূল কংগ্ৰেছৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত এক যোগদান সভা দক্ষিণ অভয়াপুৰী সমষ্টিৰ বৰজানাত অনুষ্ঠিত হয়। সভাত মুখ্য বক্তা হিচাপে অংশ লয় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

যোগদান সভাত বৰাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়। তেওঁ কয়– 'আজি দেশত অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে। মূল্যবৃদ্ধিয়ে জনতাৰ কঁকাল ভাঙি দিছে। ধৰ্মৰ নামত ভাগ ভাগ কৰি অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। আমি এইবোৰৰ বিৰুদ্ধে যুঁজ দিব লাগিব।'

তেওঁ লগতে কংগ্ৰেছে ব্যৰ্থতাৰ চূড়ান্ত সীমাত উপনীত হোৱা বুলি উল্লেখ কৰি অসমত এতিয়া বিজেপিৰ শক্তিশালী বিকল্প হিচাপে অসম তৃণমূল কংগ্ৰেছে থিয় দিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে।

 সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক শিখা শৰ্মা, অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বনদীপ দত্ত, ৰাজ্যিক সাধাৰণ সম্পাদিকা ভৱানী কলিতা, বঙাইগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হজৰত আলীকে ধৰি কেইবাগৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

একেখন সভাতে বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ ভালেসংখ্যক পুৰুষ-মহিলাই অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে (Assam Trinamool Congress joining meeting)। ইয়াৰ আগেয়ে ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত উত্তৰ অভয়াপুৰীৰ পৰা এক ৩০ কিলোমিটাৰজোৰা বাইক ৰেলী উলিওৱা হয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি