‘ধিং এক্সপ্ৰেছ’ হিমা দাসক অসমীয়াতে অভিনন্দন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

News18-Assam
Updated:July 21, 2019, 9:57 PM IST
‘ধিং এক্সপ্ৰেছ’ হিমা দাসক অসমীয়াতে অভিনন্দন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে
তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

  • Share this:
তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়া ভাষাতে অভিনন্দন জনাই হিমাক। টুইটাৰ জৰিয়তে হিমাই নিজৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।



পিছত হিমা দাসেও ৰাষ্ট্ৰপতিয়ে জনোৱা এই অভিনন্দন বাবে অসমীয়া ভাষাতে ধন্যবাদ সূচক মন্তব্য আগবঢ়ায়। হিমা দাসে এতিয়া ট্ৰেকট ইটোৰ পিছত সিটো স্বৰ্ণপদক লাভ কৰিছে। এইবাৰ চেক গণৰাজ্যত আন এটা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই। ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।

 

First published: July 21, 2019, 9:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading