• Home
  • »
  • News
  • »
  • assam
  • »
  • President Ramnath Kovind: পৱনৰ পিঠিত উঠি কাজিৰঙা চালে ৰাষ্ট্ৰপতি কোবিন্দে, ঘৰলৈ বুলি নিলে চাৰি খৰাহী ভীম কল

President Ramnath Kovind: পৱনৰ পিঠিত উঠি কাজিৰঙা চালে ৰাষ্ট্ৰপতি কোবিন্দে, ঘৰলৈ বুলি নিলে চাৰি খৰাহী ভীম কল

President Ramnath Kovind

President Ramnath Kovind

President Ramnath Kovind: ৰাষ্ট্ৰপতিগৰাকীয়ে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত জ্বলাই দিয়া গঁড়ৰ খড়্গৰ ছাঁইৰে নিৰ্মাণ কৰা এটা গঁড়ৰ প্ৰতিমূৰ্তিও মাংগলিক ৰীতিৰে উদ্বোধন কৰে ৷

  • Share this:
তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ramnath Kovind) অন্তিম দিনা অৰ্থাৎ দেওবাৰে হাতী চাফাৰীৰে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)। কন্যা স্বাতি কোবিন্দৰ সৈতে বিভাগীয় পৱন নামৰ হাতীটোৰে পুৱা কঁহৰা বনাঞ্চল দৰ্শন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।বন বিভাগৰ হাতী মাউত কাছেম আলীয়ে উদ্যানখন দৰ্শন কৰোৱায় ৰাষ্ট্ৰপতিগৰাকীক।

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় হাতীত উঠি উদ্যান দৰ্শন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ হাতীত উঠি উদ্যান দৰ্শনৰ পিছতে ৰাষ্ট্ৰপতিয়ে জিপছীৰে উদ্যানখনৰ কাঠপৰা দৰ্শন চূড়ালৈকে গৈ কাজিৰঙাৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী দৰ্শন কৰে ৷ অসমৰ বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে উচ্চ পদস্থ বিষয়া সকলে ৰাষ্ট্ৰপতিক সংগ দিয়ে৷

ৰাষ্ট্ৰপতি গৰাকীৰ আজি পুৱাৰ কাৰ্যসুচীত বিভাগীয় ১৫টা হাতী ব্যৱহাৰ কৰা হয় ৷ বীৰ, প্ৰদ্যুম্ন আৰু লক্ষীমাই নামৰ হাতীত ৰাষ্ট্ৰপতিৰ ব্যক্তিগত দেহৰক্ষী আৰু উচ্চপদস্থ বিষয়া উঠি উদ্যান দৰ্শন কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰি আপ্লুত হৈ পৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত হাতীৰে উদ্যান দৰ্শন কৰি বিভাগীয় হাতীক ভীম কল খোৱায় ৰাষ্ট্ৰপতি গৰাকীয়ে৷ ইয়াৰ পিছতেই নিজৰ লগত লৈ যাব পৰাকৈ ভীম কল বিচাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ৰাষ্ট্ৰপতিক দিবৰ বাবে ৪ খৰাহী ভীম কল যোগান ধৰে কাজিৰঙাৰ উদ্যান কৰ্তৃপক্ষই ৷

হাতীৰে উদ্যান দৰ্শন কৰি আহি ৰাষ্ট্ৰপতিগৰাকীয়ে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত জ্বলাই দিয়া গঁড়ৰ খড়্গ ছাঁইৰে নিৰ্মাণ কৰি উলিওৱা এটা গঁড়ৰ প্ৰতিমূৰ্তিও মাংগলিক ৰীতিৰে উদ্বোধন কৰে ৷ ইয়াৰ পিছতেই তেওঁ পুৱাৰ আহাৰ গ্ৰহণ কৰি কঁহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃত আয়োজিত কাজিৰঙাৰ ঐতিসাহিক সম্পদ আৰু কাৰ্যাৱলীৰ প্ৰদৰ্শনী দৰ্শন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পৰৱৰ্তী সময়ত কঁহৰাত থকা পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বন বিভাগে আয়োজন কৰা বিশেষ প্ৰদৰ্শনীত অংশ লয় ৰাষ্ট্ৰপতি তথা তেওঁৰ পৰিয়ালে।

উল্লেখ্যে যে কাজিৰঙা (Kaziranga)ৰ ঐতিহ্য আৰু ইতিহাসৰ ওপৰত বন বিভাগে প্ৰস্তুত কৰা প্ৰদৰ্শনীত ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া এলিভেটেড হাইৱে সম্পৰ্কতো সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰস্তুত কৰা এখন তথ্যচিত্ৰ ৰাষ্ট্ৰপতিক দৰ্শন কৰোৱায়‌। কাজিৰঙা ভ্ৰমণ সামৰি বিয়লি ১. ৪৫ বজাত আইজললৈ ৰাওনা হয় ৰাষ্ট্ৰপতিগৰাকী। উল্লেখ্য যে ১৯৮১ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে এগৰাকী ৰাষ্ট্ৰপতি হিচাপে কাজিৰঙা ভ্ৰমণ সামৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি