• Home
  • »
  • News
  • »
  • assam
  • »
  • President Ramnath Kovind in Assam: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ৰাষ্ট্ৰপতি কোবিন্দ, পুৱাই কইনাধৰাত কৰিলে বৃক্ষৰোপণ

President Ramnath Kovind in Assam: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ৰাষ্ট্ৰপতি কোবিন্দ, পুৱাই কইনাধৰাত কৰিলে বৃক্ষৰোপণ

President Ramnath Kovind in Assam:  তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসম ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

President Ramnath Kovind in Assam: তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসম ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

President Ramnath Kovind in Assam: তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসম ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

  • Share this:
অসম ভ্ৰমণৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ramnath Kovind) আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৯ সংখ্যক দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰে। অসম চুক্তিৰ অধীনত স্থাপিত হৈছিল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় (Tezpur University)। আজি দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ পত্নী সৱিতা কোবিন্দো উপস্থিত আছিল।

সমাৰোহত ৰাজ্যপাল জগদীশ মুখী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ও উপস্থিত আছিল।

উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসম ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতিগৰাকী। আজি পুৱাই কইনাধৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে বৃক্ষৰোপণ কৰে। শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকন (Lachit Barphukan)ৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ শুভাাৰম্ভণি কৰে।

তেজপুৰৰ পৰা কাজিৰঙা (Kaziranga National Park)লৈ যাব ৰাষ্ট্ৰপতি কোবিন্দ।  ২৭ ফেব্ৰুৱাৰী পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি