President Ram Nath Kovind
Kaziranga National Park|Ramnath Kovind: দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা দ্বিতীয়জন ৰাষ্ট্ৰীপতি হ'ব ৰামনাথ কোবিন্দ।
কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষৰ পৰা জিলা প্ৰশাসন সকলো সষ্টম হৈ পৰা দেখা গৈছে। ৰাজ্যৰপ্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে সদৰী কৰা অনুসৰি অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৈশৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
অহা ২৬ ফ্ৰেব্ৰুুৱাৰী বিয়লি কাজিৰঙাত উপস্থিত হৈ উদ্যানখনৰ বাগৰী বনাঞ্চলত জীপ চাফাৰী কৰাৰ লগতে ২৭ ফেব্ৰুুৱাৰী তাৰিখে পুৱা কহঁৰা বনাঞ্চলত হাতী ছাফাৰী অথবা জীপ ছাফাৰীৰে কাজিৰঙা দৰ্শন কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে এতিয়া গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে যুদ্ধকালিন তৎপৰতাৰে প্ৰস্তুতি চলোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰৰ বাট পথ মেৰামতিত ব্যস্ত হৈ পৰিছে।
সমান্তৰালকৈ আৰক্ষীও ব্যস্ত হৈ পৰিছে যাতে ৰাষ্ট্ৰপতিগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো সুৰুঙা থাকি নাযায় । আনহাতে দেওবাৰে বিয়লি ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে স্বয়ং কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।
উল্লেখ্য যদি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এইবাৰ কাজিৰঙালৈ আহে তেন্তে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত এইটো হ'ব দ্বিতীয়জন ৰাষ্ট্ৰীপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ । কাৰণ ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰি ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল। উল্লেখ্য ইয়াৰ পিছত অৰ্থাৎ ১৯৮৩ চনত ভাৰতৰ উপ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাও উক্ত পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল । ইয়াৰ উপৰিও এতিয়ালৈকে দেশৰ প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সেনা প্ৰধানকে আদি কৰি দেশ-বিদেশৰ বহু ভি ভি আই পিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|