• Home
  • »
  • News
  • »
  • assam
  • »
  • President Ram Nath Kovind : তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বিমানবন্দৰত উষ্ম আদৰণি

President Ram Nath Kovind : তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বিমানবন্দৰত উষ্ম আদৰণি

ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বায়ু তথা স্থল সেনাৰ বিষয়াসকলে।

  • Share this:
গুৱাহাটীত উপস্থিত দেশৰ প্ৰথম নাগৰিক তথা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। তিনিদিনীয়া কাৰ্যসূচী হাতত লৈ আজি বিয়লি বায়ুসেনাৰ বিশেষ বিমানযোগে উপস্থিত হ’ল বৰঝাৰ বিমানবন্দৰত। ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বায়ু তথা স্থল সেনাৰ বিষয়াসকলে।

বিমানবন্দৰৰ পৰা পোনে পোনে কইনাধৰালৈ ৰাওনা হয় ৰাষ্ট্ৰপতিগৰাকী। কইনাধৰাত আজি নিশা কটাই কাইলৈ তামুলপুৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাত অংশ গ্ৰহণ কৰিব কোবিন্দে। তাৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি আহি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিব। তাৰ পিছত ৫ তাৰিখে খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি