• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বিমানবন্দৰত উষ্ম আদৰণি মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বিমানবন্দৰত উষ্ম আদৰণি মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ

২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। 

  • Share this:
তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আজি দিনৰ ভাগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল জগদিশ মুখীয়ে উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে কামাখ্যা মন্দিৰলৈ যোৱাৰ কথা ৰাষ্ট্ৰপতিগৰাকী। আজি দিনৰ আহাৰ ৰাজভৱনতে গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।  ২৭ফেব্ৰুৱাৰী পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰাৰ কথা ৰাষ্ট্ৰপতিগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি