• Home
  • »
  • News
  • »
  • assam
  • »
  • Ram Nath Kovind to Visit Assam: ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ বন্ধ থাকিব দুদিন

Ram Nath Kovind to Visit Assam: ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ বন্ধ থাকিব দুদিন

স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত এয়া হ'ব দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ।

স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত এয়া হ'ব দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ।

স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত এয়া হ'ব দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ।

  • Share this:
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণ বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনক লৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষকে ধৰি অসম চৰকাৰক।ৰাষ্ট্ৰপতি কোবিন্দে ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া অসম ভ্ৰমণকালত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ (Lachit Borphukan) ৪০০ তম বাৰ্ষিকী উপলক্ষে এক বছৰজোৰা উদযাপন কাৰ্যসূচী উদ্বোধন কৰিব।

ইয়াৰ লগতে ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ২৬ ফ্ৰেব্ৰুৱাৰীৰ বিয়লি তেজপুৰৰ পৰা আহি বোকাখাতত অৱতৰণ কৰি কাজিৰঙাত উপস্থিত হৈ জীপ ছাফাৰি কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কহঁৰা বনাঞ্চলত হাতী ছাফাৰি অথবা জীপ চাফাৰী কৰিব বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ (President Ram Nath Kovind) প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ বন্ধ থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় বন বিষয়াই জাৰি কৰা এক জাননীত কোৱা হৈছে যে পশ্চিম ৰেঞ্জ, বাগৰী আৰু কঁহৰা ৰেঞ্জত এলিফেণ্ট চাফাৰী আৰু জীপ চাফাৰীকে ধৰি সকলো পৰ্যটনমূলক কাৰ্যকলাপ স্থগিত ৰখা হ'ব। কেৱল বুঢ়াপাহাৰ আৰু অগৰাতলী ৰেঞ্জ (Burhapahar and Agoratoli range) খোলা থাকিব বুলি জাননীখনত কোৱা হৈছে।

ইফালে ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জিলা প্ৰশাসন তথা অসম চৰকাৰে নিৰাপত্তা ব্যৱস্থাক লৈ বিশেষ চকু দিছে। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে এতিয়া গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে বাট পথ মেৰামতিত ব্যস্ত হৈ পৰিছে।

উল্লেখ্য দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত এয়া হ'ব দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ। ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত নৈশ যাপন কৰিছিল ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি