ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আজি পুৱা গুৰুত্বপূৰ্ণ সাংবিধানিক নিযুক্তি দিয়ে। তেওঁ দেশৰ ১৩ খন ৰাজ্যৰ নতুন ৰাজ্যপালক নিযুক্তি দিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসম, মহাৰাষ্ট্ৰকে আদি কৰি মুঠ ১৩ খন ৰাজ্যৰ ৰাজ্যপালক নিযুক্ত কৰে। ৰাষ্ট্ৰপতিয়ে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এজন নতুন উপ ৰাজ্যপালও নিযুক্ত কৰে।
উল্লেখ্য যে, অসমৰ নতুন ৰাজ্যপাল হিচাপে গোলাব চান্দ কাটাৰিয়া নিযুক্ত হৈছে। বিজেপিৰ নেতা কাটাৰিয়া ৰাজস্থানৰ পূৰ্বৰ গৃহমন্ত্ৰী আছিল। অসমৰ ৰাজ্যপাল পদত অধ্যক্ষ জগদীশ মুখীৰ ঠাইত এতিয়াৰে পৰা গোলাব চান্দ কাটাৰিয়াই দায়িত্ব পালন কৰিব। গোলাব চান্দ কাটাৰিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন জ্যেষ্ঠ নেতা। তেওঁ ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থানৰ গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ অংশ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে শ্ৰী ভগত সিং কোশিয়াৰী আৰু লাডাখৰ উপ ৰাজ্যপাল হিচাপে শ্ৰী ৰাধা কৃষ্ণন মাথুৰৰ পদত্যাগ গ্ৰহণ কৰিছে। বৰ্তমান ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে।
ইয়াৰোপৰি, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে লেফটেণ্ট জেনেৰেল ত্ৰিবিক্ৰম পাৰনায়ক নিযুক্ত হৈছে। লগতে নতুন ৰাজ্যপাল হিচাপে ছিকিমত লক্ষ্মণ প্ৰসাদ আচাৰ্য, নাগালেণ্ডৰত লা গণেশন আৰু মেঘালয়ত ফাগু চৌহানে নিযুক্তি পাইছে। ফাগু চৌহান বিহাৰৰ ৰাজ্যপাল আছিল। ছত্তীশগড়ৰ বৰ্তমানৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া উইকিয়েক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, বিশ্ব ভূষান হৰিচন্দনক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰিছে। বিহাৰত নিযুক্তি দিয়া হৈছে হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাক।
ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে চিপি ৰাধাকৃষ্ণণ আৰু হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে শিৱ প্ৰতাপ শুক্লাক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 12, 2023, 12:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।