অসম তথা ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ। ৭২ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ জিলা কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসলৈ আগবঢ়াইছে ৰাষ্ট্ৰপতি পদক।
অপৰাধীসকলৰ শাস্তি আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা তথা প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদকৰ বাবে নিৰ্বাচিত হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাস৷
উল্লেখযোগ্য যে এইবাৰ কাৰাগাৰ বিষয়া হিচাপে ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰাসকলৰ ভিতৰত ব্ৰজেন দাস হৈছে একমাত্ৰ অসম সন্তান৷ ৰাজ্যৰ কাৰাগাৰসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ ভিতৰত এইবাৰ কেৱল ব্ৰজেন দাসেই ৰাষ্ট্ৰপতিৰ পদকৰ বাবে নিৰ্বাচিত হৈছে৷ প্ৰণিধানযোগ্য যে ব্ৰজেন দাসে ২০১৮ চনৰ মে' মাহত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
১৯৮৯ চনত প্ৰথম নগাঁও জিলা কাৰাগাৰত সহ কাৰাধ্যক্ষ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ব্ৰজেন দাসৰ জন্ম হৈছিল ১৯৬২ চনত বৰপেটা জিলাৰ ৩নং দক্ষিণ হাটীত। প্ৰয়াত গিৰিশ চন্দ্ৰ দাস আৰু প্ৰয়াত মালতী দাসৰ সন্তান ব্ৰজেন দাস ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হোৱাত ডিব্ৰুগড় জিলা কাৰাগাৰৰ লগতে জন্মস্থান বৰপেটাতো আনন্দৰ লহৰ উঠিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|