৭৪সংখ্যক গণতন্ত্ৰ দিৱসলৈ মাজত কেইটামান ঘণ্টা। ৰাজ্যজুৰি গণতন্ত্ৰ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। এই উপলক্ষত বিশেষ ধৰণে সজাই-পৰাই তোলা হৈছে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ।
ৰাষ্ট্ৰীয় পতাকাৰ ৰঙৰ আৰ্হিত আলোকিত কৰা হৈছে বিশ্ববিদ্যালয়ৰ মূল দ্বাৰ, প্ৰশাসনিক ভৱন, উপাচাৰ্যৰ কাৰ্যালয়।
প্ৰতিবছৰে গণৰাজ্য, স্বাধীনতা দিৱসত সজোৱা হয় বিশ্ববিদ্যালয় চৌহদ। উল্লেখ্য যে ২৬ জানুৱাৰীৰ দিনটো অসমৰ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ বাবে এক বিশেষ দিন।
১৯৪৮ চনৰ ২৬ জানুৱাৰীৰ দিনটোতেই প্ৰতিষ্ঠা লাভ কৰিছিল বিশ্ববিদ্যালয়খনে। ইতিমধ্যে ৭৫তম বৰ্ষত উপনীত হোৱা বিশ্ববিদ্যালয়খনে বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে মহাৰজত জয়ন্তী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|