মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Covid Vaccination: ব্যাপক হাৰত ভেকচিন প্ৰদানৰ প্ৰস্তুতি যোৰহাটত, বিজেপি–অগপৰ কাৰ্যকৰ্তাই আগবঢ়াব সহায়

Covid Vaccination: ব্যাপক হাৰত ভেকচিন প্ৰদানৰ প্ৰস্তুতি যোৰহাটত, বিজেপি–অগপৰ কাৰ্যকৰ্তাই আগবঢ়াব সহায়

News18 Assam | News18-Assam
Updated:June 20, 2021, 10:15 PM IST
Covid Vaccination: ব্যাপক হাৰত ভেকচিন প্ৰদানৰ প্ৰস্তুতি যোৰহাটত, বিজেপি–অগপৰ কাৰ্যকৰ্তাই আগবঢ়াব সহায়
যোৰহাট মডেল কম্পোজিট স্কুলত এটা বিশেষ অফলাইন ভেকচিন কেন্দ্ৰ আৰম্ভ কৰা হৈছে তিনিটা মাৰোৱাৰী সংগঠনৰ সহযোগত।

যোৰহাট মডেল কম্পোজিট স্কুলত এটা বিশেষ অফলাইন ভেকচিন কেন্দ্ৰ আৰম্ভ কৰা হৈছে তিনিটা মাৰোৱাৰী সংগঠনৰ সহযোগত।

  • Share this:

কোভিড–১৯ অতিমাৰীৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সমগ্ৰ দেশৰ লগতে যোৰহাটতো সোমবাৰৰ পৰা আৰম্ভ হ'ব কোভিড১৯ ভেকচিন প্ৰদানৰ বৃহৎ কাৰ্যসূচী। জিলাখনৰ প্ৰায় ৭০টা কেন্দ্ৰত ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । এই কাৰ্যসূচীলৈ সহায় আগবঢ়াইছে একাংশ স্বেচ্ছাসেৱী অনুষ্ঠানে। ইতিমধ্যে দেওবাৰৰ পৰা যোৰহাট নগৰৰ মিঠাপুখুৰীৰ যোৰহাট মডেল কম্পোজিট স্কুলত এটা বিশেষ অফলাইন ভেকচিন কেন্দ্ৰ আৰম্ভ কৰা হৈছে মাৰোৱাৰী সন্মিলন , মাৰোৱাৰী যুৱ মঞ্চ, যোৰহাট আৰু বৃহত্তৰ মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত। এই কেন্দ্ৰত নাম পঞ্জীয়ন কৰা দুশ লোকক দৈনিক ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । দেওবাৰলৈকে এই কেন্দ্ৰটোত সহস্ৰাধিক লোকে নাম পঞ্জীয়ন কৰিছে।


"প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে সমগ্ৰ দেশৰ লগতে অসমতো ভেকচিন প্ৰদানৰ মেগা কেম্প সোমবাৰৰ পৰা আৰম্ভ কৰা হৈছে । সকলো লোকে যাতে ভেকচিন ল'বলৈ আগবাঢ়ি আহে সেয়া আমি নিশ্চিত কৰিব লাগিব। এইক্ষেত্ৰত বিজেপি আৰু অগপৰ কাৰ্যকৰ্তাসকলেও সহায় আগবঢ়াব। আন স্বেচ্ছাসেৱী অনুষ্ঠান তথা যিকোনো অনুষ্ঠানে সহায় কৰিব পাৰিব।" ভেকচিন কেন্দ্ৰটোত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এনেদৰে কয়।


সোমবাৰৰ পৰা আৰম্ভ হ'ব লগা বৃহৎ ভেকচিন প্ৰদান কাৰ্যসূচীত ভেকচিন কেন্দ্ৰসমূহত সহায় আগবঢ়াব বিজেপিৰ কাৰ্যকৰ্তাসকলে । ইতিমধ্যে প্ৰতিটো ভেকচিন কেন্দ্ৰত বিজেপিৰ চাৰিগৰাকীকৈ কাৰ্যকৰ্তা নিয়োজিত হৈ সংশ্লিষ্ট অঞ্চলসমূহৰ বাসিন্দাসকলে যাতে ভেকচিন গ্ৰহণ কৰে, সেই ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াবলৈ বিজেপি নেতৃত্বৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে । অহা ডিচেম্বৰ মাহলৈকে পাল পাতি বিজেপিৰ কাৰ্যকৰ্তাসকলে ভেকচিন কেন্দ্ৰসমূহত থকা স্বেচ্ছাসেৱী অনুষ্ঠানৰ লোকসকলৰ সৈতে জড়িত হৈ ভেকচিন সন্দৰ্ভত সজাগতা অনাৰ লগতে সকলোৱে যাতে ভেকচিন গ্ৰহণ কৰিছে, তাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। সকলোৱে যাতে ভেকচিন গ্ৰহণ কৰি কোভিডক জয় কৰিব পাৰে তাৰ বাবে সচেষ্ট হৈ পৰিছে চৰকাৰ।

Published by: Gautam Barman
First published: June 20, 2021, 10:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি