অহা ২২ ছেপ্টেম্বৰত গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নিজেই উপস্থিত থাকিব৷
অহা ২২ ছেপ্টেম্বৰত গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নিজেই উপস্থিত থাকিব৷
আফ্ৰিকাৰ পিছত ভাৰতবৰ্ষত চৰকাৰীভাৱে জ্বলাই দিব গড়ৰ খৰ্গ ৷ বোকাখাতত অহা ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে জুই দিব ২৪৭৯টা খড়্গত৷ ইতিমধ্যে বোকাখাত ৰাজহুৱা খেলপথাৰত মুখ্য প্ৰধান বন সংৰক্ষকৰ নেতৃত্বত ইয়াৰ প্ৰস্তুতি চলিছে। ভাৰতত প্ৰথমবাৰৰ বাবে চৰকাৰে জ্বলাই দিব গঁড়ৰ খড়্গ৷
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানত স্বাভাৱিকভাৱে মৃত্যু হোৱা আৰু চোৰাং চিকাৰীয়ে হত্যা কৰাৰ পাছত উদ্ধাৰ কৰি বিভিন্ন কোষাগাৰত জমা ৰখা মুঠ ২৬২৩টা গঁড়ৰ খড়্গ বিশেষজ্ঞ সমিতি আৰু বন বিভাগে পৰীক্ষা কৰাৰ অন্তত ইয়াৰে ২৪৭৯ খড়্গ ২২ ছেপ্টেম্বৰত বোকাখাত ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত জ্বলাই পেলোৱা হ'ব৷ ইয়াৰে ৯৪টা খড়্গ সংৰক্ষণ কৰি ৰাখিব আৰু ৫০টা খড়্গৰ বিৰুদ্ধে বৰ্তমানেও আদালতত গোচৰ চলি আছে৷
অহা ২২ ছেপ্টেম্বৰত গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নিজেই উপস্থিত থাকিব৷ ইতিমধ্যে গঁড়ৰ খৰ্গ দাহনৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ কাজিৰঙাৰ বন বিভাগে গঁড়ৰ খৰ্গ দাহনৰ বাবে সকলো কাম তদাৰক কৰিছে৷ এই সমগ্ৰ কাৰ্যসূচীৰ তদাৰক কৰিছে মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে৷
কিন্তু চৰকাৰ তথা বন বিভাগৰ গঁড়ৰ খড়্গ দাহনৰ যি কাৰ্যসূচী, সেই লৈ সন্দেহ প্ৰকাশ কৰিছে জাতীয় সংগঠনসমূহে৷ ৰাজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষণ কৰি থোৱা বহু গঁড়ৰ খড়্গ হৰলুকি হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে৷ সংগঠনসমূহে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে গঁড়ৰ খড়্গ দাহন কাৰ্যসূচী স্বচ্চ আৰু নিকা হোৱাৰো দাবী কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|