টিকট হেৰুৱাব বহু বিধায়কে! পাহাৰীয়া জিলাৰ পাঁচটা বিধানসভা সমষ্টিত বলিছে নিৰ্বাচনী বতাহ

পাঁচোটা সমষ্টিতে শাসকীয় বিজেপিৰ একাধিক প্ৰাৰ্থীয়ে দলীয় টিকট বিচাৰিছে।
পাঁচোটা সমষ্টিতে শাসকীয় বিজেপিৰ একাধিক প্ৰাৰ্থীয়ে দলীয় টিকট বিচাৰিছে।
- News18 Assam
- Last Updated: August 4, 2020, 1:40 PM IST
ডিফু সমষ্টিত মন্ত্ৰী ছুম ৰংহাঙৰ উপৰি বিজেপিৰ টিকটৰ দাবীদাৰ সমষ্টিটোৰ তিনিবাৰৰ প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং আৰু যুৱ নেতা টিংক্ৰে ৰংপি। হাওৰাঘাট সমষ্টিত বৰ্তমানৰ বিধায়ক জয়ৰাম ইংলেঙৰ উপৰি নাম চৰ্চাত আছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি আৰু ফুলনি পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত বিজেপি সদস্য দৰছিং টেৰাঙৰ।
বৈঠালাংছু সমষ্টিত বিধায়ক ডাঃ মনছিং ৰংপিৰ উপৰি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুং আৰু CEM তুলিৰাম ৰংহাঙৰ পত্নী কাছে টেৰাংপীৰ নাম চৰ্চাত আছে। বোকাজান সমষ্টিত বিধায়ক ডাঃ নোমল মমিনৰ উপৰি টিকট বিচাৰিব ভূষণ ৰংফাৰে। ডিমা হাছাও জিলাৰ একমাত্ৰ সমষ্টি হাফলঙত নাম উচ্চাৰিত হৈছে বিজেপিৰ জ্যোষ্ঠ নেতা কুলেন্দ্ৰ ডাওলাগপু, ডিমা হাছাও পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যা নন্দিতা গাৰ্লোছা আৰু বৰ্তমানৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ।