বিশাল মূল মণ্ডপেৰে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতি তুংগত

নিতৌ যুদ্ধকালীন তৎপৰতাৰে মণ্ডপসমূহ ইতিমধ্যে সাজি উলিওৱা হৈছে।
নিতৌ যুদ্ধকালীন তৎপৰতাৰে মণ্ডপসমূহ ইতিমধ্যে সাজি উলিওৱা হৈছে।
- News18 Assam
- Last Updated: November 17, 2020, 5:44 PM IST
সেইদৰে অতিথিসকলক আপ্যায়নৰ বাবে ১৭০ ফুট দৈৰ্ঘ্য আৰু ৫৫ ফুট প্ৰস্থৰ দুটাকৈ ৰান্ধনী গৃহ নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি গ্ৰন্থমেলা, থলুৱা খাদ্যমেলা আৰু প্ৰদৰ্শনী মেলাকে ধৰি ১২৪খন বিপণীয়ে অংশগ্ৰহণ কৰিব অধিৱেশনথলীত।
এই অধিৱেশনতে অভ্যৰ্থনা সমিতিৰ উদ্যোগত স্মৃতিগ্ৰন্থ আৰু দুলীয়াজান শীৰ্ষক দুখনকৈ গ্ৰন্থ উন্মোচিত হ'ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকৰজ্যোতি বৰুৱাই। অহা ১৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৯ বজাত সামূহিক চাফাইৰ অন্তত ১০ বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণ জ্যোতি বাটচ'ৰাৰ আৰ্হিত মূল বাটচ'ৰা মুকলি কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোকবিকাশ গগৈয়ে। দিনৰ ১১ বজাত মূল তোৰণ মুকলি কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণকান্ত হাজৰিকাই। ১১.৩০ বজাত শ্বহীদ সোঁৱৰণী মূল মঞ্চ আৰু মণ্ডপ মুকলি কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি ড০ সুৰেন্দ্ৰনাথ গগৈয়ে। ১২ বজাত শিক্ষাবিদ নিত্যা দত্ত সোঁৱৰণী প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰিব দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ লখিমী ফুকনে।
সেইদৰে, ১৯ নৱেম্বৰ পুৱা ৯.৩০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি দীপাংক কুমাৰ নাথে। ১০.৩০ বজাত শ্বহীদ তৰ্পণ কৰিব সাঃ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। দিনৰ ১১ বজাত সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আৰু শোভাযাত্ৰা থলীত উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা। অংশগ্ৰহণ কৰিব অভিনয় শিল্পীদ্বয় অৰুণ হাজৰিকা, মাধুৰিমা চৌধুৰী আৰু কণ্ঠশিল্পী দিপলীনা ডেকাই। বিয়লি ২ বজাত জগত শইকীয়া সোঁৱৰণী জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব ৰজত কমল বঁটাপ্ৰাপ্ত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তই। ৩ বজাত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীথলীতে অনুষ্ঠিত হ'ব মুকলি কুইজ প্ৰতিযোগিতা। সন্ধিয়ালৈ ৫ বজাত প্ৰতিনিধি সভা উন্মোচন কৰিব ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই। ৬ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক পোনাৰাম বৰগোহাঞিয়ে। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব ৰাজীৱ শদিয়া, দিপলীনা ডেকা, ৰিদিপ ৰংকিত, ৰমেন দানহ আৰু আকাশ নিবিড়ে।
কাৰ্যসূচী অনুসৰি ২০ নৱেম্বৰলৈ পুৱা ১০ বজাত প্ৰতিনিধি সভা, ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছত ১২ বজাত মূল মণ্ডপত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় শ্বহীদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ সত্যকাম বৰঠাকুৰে। বিয়লিলৈ ২ বজাত অসম ভিত্তিত কবি সন্মিলন আৰু সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচী সামৰণি পৰিব। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক জগত বৰুৱাই। সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কণ্ঠশিল্পী লোহিত গগৈ, মানস ৰবীন, দিগন্ত গোহাঁই, নীলাক্ষী নেওগ আৰু মাধৱ ৰঞ্জনে। অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ ২১ নৱেম্বৰলৈ দিনৰ ১১ বজাত সভাপতি দীপাংক নাথৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। আদৰণি ভাষণ আগবঢ়াব ড০ সুৰেন্দ্ৰ নাথ গগৈয়ে। আছুৰ দৃষ্টিভংগীৰ সন্দৰ্ভত ব্যাখ্যা কৰিব লুৰিণজ্যোতি গগৈয়ে।
মুকলি সভাত মুখ্য অতিথিৰূপে বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া, বিশেষ বক্তা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, নিৰ্দিষ্ট বক্তা ডদ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অতিথি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা, বিশেষ সন্মানীয় অতিথি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, সন্মানীয় অতিথি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অধ্যক্ষ চেমুৱেল জেউৰা, বিশেষ আমন্ত্ৰিত অতিথি অইল ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰ আৰু অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী উপস্থিত থাকিব।