দলং-ৰাস্তা নাই! পাকঘৰৰ বাচনত বহুৱাই গৰ্ভৱতী পত্নীক হাস্পতাললৈ লৈ আহিল স্বামীয়ে, চিকিত্সকৰ গাফিলতিত জন্ম দিয়া সন্তানটিয়ে মৃত্যুক সাৱটি লোৱাৰ অভিযোগ

গৰ্ভৱতী পত্নীক পাকঘৰৰ বাচনত বহুৱাই নদী পথেৰে ১৫ কিলো মিটাৰ পাৰ কৰি হাস্পতাললৈ লৈ গ’ল স্বামীয়ে। কিন্তু নহ’ল শেষ ৰক্ষা।
গৰ্ভৱতী পত্নীক পাকঘৰৰ বাচনত বহুৱাই নদী পথেৰে ১৫ কিলো মিটাৰ পাৰ কৰি হাস্পতাললৈ লৈ গ’ল স্বামীয়ে। কিন্তু নহ’ল শেষ ৰক্ষা।
- News18 Assam
- Last Updated: July 24, 2020, 2:36 PM IST
দলং, ৰাস্তা নথকাৰ ফলত বহুতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বহুতে। এনে পৰিস্থিতিৰ মাজত উপায়ন্ত হৈ গৰ্ভৱতী পত্নীক পাকঘৰৰ এটা বাচনত বহুৱাই প্ৰায় ১৫ কিলো মিটাৰ নদী পথেৰে হাস্পতাললৈ লৈ আহিল স্বামীয়ে। কিন্তু নহ’ল শেষ ৰক্ষা। জন্মদিলে এটি মৃত সন্তান। সময়ত হাস্পতালত উপস্থিত হ’ব নোৱাৰো বাবেই সন্তানটিয়ে জন্মতেই মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি সন্দেহ কৰা হৈছে। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰ বাজপুৰ জিলাত।
নৱজাতকটিৰ এই কৰুণ পৰিণতিৰ বাবে মহিলাগৰাকী আৰু স্বামীয়ে চিকিত্সক আৰু নাৰ্ছক জগৰীয়া কৰিছে। তেওঁলোকৰ গাফিলতিৰ বাবেই এই চৰম পৰিণতিৰ অভিযোগ মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীৰ। শিশুটিৰ পিতৃ হৰিশৰ অভিযোগ- ‘বহু কষ্ট কৰি স্থানীয় টাউন কমিটীৰ হেল্থ চেণ্টাৰলৈ পত্নী লক্ষীক লৈ যোৱাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰিছিল চিকিত্সকে। পত্নীয়ে প্ৰসৱ যন্ত্ৰণাত চটফটাই থকাৰ পিছতো বহু সময় কোনো ধৰণৰ চিকিত্সা প্ৰদান নকৰিলে। আৰু যেতিয়ালৈ চিকিত্সা আৰম্ভ হয়, তেতিয়ালৈ মৃত্যু হয় সন্তানটিৰ।’