• Home
  • »
  • News
  • »
  • assam
  • »
  • নাহৰকটীয়া ৰাঙলী পথাৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশন

নাহৰকটীয়া ৰাঙলী পথাৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশন

অধিৱেশনখনি ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাৰ ৰাঙলী পথাৰ আৰু কলীয়াপানী পথাৰত অনুষ্ঠিত হ’ব।

অধিৱেশনখনি ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাৰ ৰাঙলী পথাৰ আৰু কলীয়াপানী পথাৰত অনুষ্ঠিত হ’ব।

অধিৱেশনখনি ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাৰ ৰাঙলী পথাৰ আৰু কলীয়াপানী পথাৰত অনুষ্ঠিত হ’ব।

  • Share this:
উত্তৰ–পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনখনি ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাৰ ৰাঙলী পথাৰ আৰু কলীয়াপানী পথাৰত অনুষ্ঠিত হ’ব। ডিব্ৰুগড় জিলাৰ আতিথ্যত আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনখন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত দেওবাৰে অনুষ্ঠিত হয় আদৰণি সমিতি গঠনৰ এখন ৰাজহুৱা সভা। শ্ৰীমন্ত শংকৰৰদেৱ সংঘৰ উপ-পদাধিকাৰ বসুন্ধৰ ডেকাই উদ্বোধনী ভাষণ প্ৰদান কৰাৰ পিছতেই শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।

সংঘৰ কেইবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত থকা এই মুকলি সভাত নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰ, প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই, বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবনী কুমাৰ গগৈ, সভাপতি বুলবুল দত্ত, ৰাঙলী পথাৰৰ মুছলমান সমাজৰ ৰাজীৱ আহমেদ, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোক বিকাশ গগৈ, নামৰূপৰ উপ–আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা, বিশিষ্ট সমাজকৰ্মী মণিমাণিক গগৈ আৰু নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তৰংগ কল্লোল শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনখন কেন্দ্ৰীয় সমিতিয়ে নাহৰকটীয়াত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাবে সংঘৰ কেন্দ্ৰীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰে। অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে অধিৱেশন খনত সকলো প্ৰকাৰে সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

একেদৰে বিশিষ্ট অতিথি হিচাফএ উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱাই অধিৱেশনৰ মূল মণ্ডপটো কবি ৰাম গগৈৰ সোঁৱৰণত প্ৰদান কৰিবলৈ সংঘৰ বিষয়ববীয়াসকলক অনুৰোধ জনায়।

বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰাৰ পাছত ৯১সংখ্যক বাৰ্ষিক অধিৱেশনখনিৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। ডিব্ৰুগড় জিলাৰ সভাপতি কুল হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানটোত উপস্থিত ৰাইজৰ সৰ্বসন্মতি ক্ৰমে ৯১সংখ্যক বাৰ্ষিক অধিৱেশনৰ উদযাপন সমিতিখনৰ বাবে সংঘৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি জয়ন্ত নাথক সভাপতি, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈক কাৰ্যকৰী সভাপতি, ড০ জ্যোতি প্ৰসাদ কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালাকে ধৰি ষোল্লজনকৈ উপ-সভাপতি, হৰি প্ৰসাদ গগৈক সাধাৰণ সম্পাদক, মৃণাল কুমাৰ বৰুৱা আৰু ভৱেশ হাজৰিকাক যুটীয়া সম্পাদক, ত্ৰৈলোক্য সোণোৱাল আৰু আদিত্য নিৰ্মলীয়াসহ মুঠ পাঁচজনক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি আৰু ৩৭খন উপ-সমিতি গঠন কৰা হয়। ইফালে দায়িত্ব অৰ্পণ কৰা পিছতেই উদযাপন সমিতিখনক শপত বাক্য পাঠ কৰোৱাই পদাধিকাৰ কমলাকান্ত গগৈয়ে।

প্ৰায় চল্লিশ লাখ ভকত–বৈষ্ণৱৰ সমাগম হ’বলগা এই অধিৱেশনখনত সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এসাঁজ ভাত আৰু অসম গেছ কোম্পানীৰ উপাধ্যক্ষ তথা উদযাপন সমিতিৰ উপ-সভাপতি ইন্দ্ৰ গগৈয়ে অধিৱেশনস্থলীত থাকিব লগীয়া ভোজনালয়ত ৰন্ধন গেছৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া এই বাৰ্ষিক অধিৱেশনখনিক জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষে সকলোৱে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় সংঘৰ সদস্যসকলৰ লগতে উদযাপন সমিতিয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি