চিকিৎসালয়ৰ পৰাই সেৱা ধৰি ভদীয়া নামলৈ অৰিহণাও আগবঢ়ায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
চিকিৎসালয়ৰ পৰাই সেৱা ধৰি ভদীয়া নামলৈ অৰিহণাও আগবঢ়ায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত হৰিধ্বনি দিয়ে ভকত-বৈষ্ণৱে। মহাপুৰুষ মাধৱদেৱে চাৰিখুটি মাৰি জ্বলাই থৈ যোৱা অক্ষয় বন্তিত তেল ঢালি জনপ্ৰিয় ৰাজনীতিকগৰাকী শীঘ্ৰে সুষ্ঠ হৈ পুনৰ ৰাইজৰ মাজলৈ উভতি অহাৰ কামনা কৰে সকলোৱে। উল্লেখ্য যে প্ৰতিবছৰেই ভাদমহীয়া পালনামত অংশ ল’বলৈ আহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। কিন্তু এইবাৰ মহামাৰী কোৰোণাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে চাৰি-প্ৰসংগীয়া নামত অংশ লোৱাৰ পৰা বিৰত থাকিবলগীয়া হ'ল তেওঁ। সেই লৈ চিকিৎসালয়ৰ পৰাই সেৱা ধৰি ভদীয়া নামলৈ অৰিহণাও আগবঢ়ায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লৱী শইকীয়া গগৈসহ দলৰ ভালেসংখ্যক বিষয়ববীয়াই মঙলবাৰে দুপৰীয়াৰ নাম-প্ৰসংগত চাকি–বন্তি জ্বলাই জনপ্ৰিয় ৰাজনীতিকগৰাকীৰ আশু আৰোগ্য কামনাৰে সেৱা ধৰে ঢেকীয়াখোৱা নামঘৰত। সকলোৰে এটাই কামনা, শীঘ্ৰে সুস্থ হৈ উঠক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। লগতে কোভিড আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সকলোৰে আশু আৰোগ্য কামনা কৰে সম্পাদিকাগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|