NRCৰ ভিত্তিবৰ্ষ ১৯৫১ চন হ’ব লাগে বুলি মত পোষণ কৰে হিন্দুত্ববাদী নেতা প্রবীণভাই টোগাৰিয়াই। গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেলত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ টোগাৰীয়াই এই মন্তব্য কৰে। তেওঁ কয় যে অসমত এবছৰৰ ভিতৰত ১৯৫১ চনক ভিত্তিবৰ্ষ ৰূপে লৈ এন আৰ চি নতুনকৈ পুনৰ উন্নীতকৰণ নকৰিলে অসমত থকা ৫০ লাখ অবৈধ মুছলিম বাংলাদেশীৰ বাবে ২০ বছৰৰ ভিতৰত অসমৰ অৱস্থা কাশ্মীৰৰ দৰে হ'ব পাৰে (
Pravin Togadia in Guwahati)।
তেওঁ লগতে NRCৰ পৰা বাংলাদেশীৰ নাম কৰ্তন কৰি ৫০ লাখ বাংলাদেশীক বাংলাদেশলৈ প্রেৰণ কৰিব লাগে বুলিও দাবী জনায়। অন্যথা 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ দৰে দ্য অসম ফাইলছ ছবি নিৰ্মাণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ টোগাৰীয়াই আশংকা প্ৰকাশ কৰে।
টোগাৰীয়াই প্ৰয়োজন হ'লে DNA টেষ্টৰ আশ্ৰয় লোৱাৰ বিষয়ে কয়। তেওঁ কয় যে ডিএনএ পৰীক্ষাৰ দ্বাৰা এনআৰচিৰ উন্নীতকৰণৰ কাম কৰিব লাগে আৰু তাৰ বাবে অসমৰ প্ৰতিখন জিলাত ডিএনএ পৰীক্ষাগাৰ গঠন কৰিব লাগে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলিম বাংলাদেশীয়ে দখল কৰি থকা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ প্ৰসংগত তেওঁ কয় যে এনে দৃঢ় অভিযান চলাই এবছৰৰ ভিতৰতে ৫০ লাখ অবৈধ মুছলিম বাংলাদেশীক অসমৰ পৰা বিতাড়ন কৰাৰ পদক্ষেপ লোৱা প্ৰয়োজন।
এই ক্ষেত্ৰত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসম চৰকাৰক সহায় কৰিব লাগিব বুলি উল্লেখ কৰি টোগাৰীয়াই কয় যে অসমক অবৈধ মুছলিম বাংলাদেশীৰ বধ্যভূমি হ'বলৈ দিয়া নহ'ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|