NRC প্ৰকাশৰ দিন পিছুৱাবলৈ আৱেদন প্ৰতীক হাজেলাৰ, ২৩ জুলাইত নিশ্চিত হ’ব চূড়ান্ত NRC প্ৰকাশৰ দিন

News18-Assam
Updated:July 19, 2019, 11:26 AM IST
NRC প্ৰকাশৰ দিন পিছুৱাবলৈ আৱেদন প্ৰতীক হাজেলাৰ, ২৩ জুলাইত নিশ্চিত হ’ব চূড়ান্ত NRC প্ৰকাশৰ দিন
মঙলবাৰে শুনানিৰ পিছতহে সময়সীমা বৃদ্ধি হ’বনে নহয় সেয়া স্পষ্ট হ’ব।

মঙলবাৰে শুনানিৰ পিছতহে সময়সীমা বৃদ্ধি হ’বনে নহয় সেয়া স্পষ্ট হ’ব।

  • Share this:
২৩ জুলাইত নিশ্চিত হ’ব চূড়ান্ত NRC প্ৰকাশৰ দিন। উচ্চতম ন্যায়ালয়ে চূড়ান্ত NRCৰ দিনক লৈ ২৩ জুলাইত গ্ৰহণ কৰিব শুনানি। চূড়ান্ত তালিকা প্ৰস্তুতৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন প্ৰতীক হাজেলাৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে এই আৱেদন জনাইছে হাজেলাই। এতিয়াও বাকী বহু লোকৰ NRCৰ দাবী-আপত্তিৰ শুনানি। সেয়েহে চূড়ান্ত তালিকা প্ৰকাশৰ সময়সীমা বৃদ্ধিৰ বাবে ন্যায়ালয়ত আবেদন জনাইছে হাজেলাই। চূড়ান্ত NRC প্ৰকাশৰ দিন ৩১ আগষ্ট কৰিবলৈ আৱেদন। মঙলবাৰে শুনানিৰ পিছতহে সময়সীমা বৃদ্ধি হ’বনে নহয় সেয়া স্পষ্ট হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি