মুখ্যপৃষ্ঠা »খবৰ »অসম »Divyang Pension: দিব্যাংগ পেঞ্চনৰ নামত ৰাজনীতি কৰিছে চৰকাৰে! প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ অভিযোগ

Divyang Pension: দিব্যাংগ পেঞ্চনৰ নামত ৰাজনীতি কৰিছে চৰকাৰে! প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ অভিযোগ

দিব্যাংগ পেঞ্চনৰ নামত ৰাজনীতি কৰিছে চৰকাৰে! প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ অভিযোগ

দিব্যাংগ পেঞ্চনৰ নামত ৰাজনীতি কৰিছে চৰকাৰে! প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ অভিযোগ

Divyang Pension: প্ৰতিবন্ধী সুৰক্ষা মঞ্চই দিব্যাংগ পেঞ্চন আঁচনি বন্ধ নকৰিবলৈ চৰকাৰক দাবী জনাইছে। পূৰ্বৰ দৰেই আঁচনিখন অব্য়াহত নাৰাখিলে চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ লাখ লাখ দিব্যাংগ আন্দোলনত নামিব বুলিও হুংকাৰ দিছে।

  • Share this:

এখন পুৰণি আঁচনিক নতুন আঁচনিলৈ পৰ্যবসিত কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে। সমাজৰ এটা শ্ৰেণীক লৈ কিয় ৰাজনীতি কৰিব বিচাৰিছে চৰকাৰে? এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ।


প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ অভিযোগ অনুসৰি, দিব্যাংগ পেঞ্চনৰ নামত ৰাজনীতি কৰিছে চৰকাৰে। দিব্যাংগ পেঞ্চন আচঁনিক বিপথে পৰিচালনা কৰিছে চৰকাৰে। ৰাজ্যৰ প্ৰায় ১ লাখ ৩০ হাজাৰ দিব্যাংগই লাভ কৰি অহা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বন্ধ কৰি তাৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে পেঞ্চন লাভ কৰি থকা দিব্যাংগ লোকৰ নাম। ইতিমধ্যে প্ৰ-পত্ৰও বিতৰণ কৰা হৈছে আবেদনৰ বাবে। কিন্তু প্ৰ-পত্ৰখনতে আছে গুৰুত্বৰ খেলিমেলি। প্ৰ-পত্ৰখন পূৰণ কৰিবলৈ বিচৰা হৈছে ভোটাৰ, আধাৰ আৰু ৰেচন কাৰ্ড। কিন্তু প্ৰশ্ন হৈছে ১৮ বছৰ নোহোৱাকৈ কেনেকৈ ভোটাৰ কাৰ্ড লাভ কৰিব দিব্যাংগ ছাত্ৰ - ছাত্ৰীয়ে? আধাৰ কাৰ্ড বনোৱাটো প্ৰধান সমস্যা দৃষ্টিহীনসকলৰ বাবে। তাৰোপৰি, এই আবেদন-পত্ৰখনত দিব্যাংগসকলক বিচৰা নাই কোনো প্ৰমাণ পত্ৰ। আবেদনকাৰী দিব্যাংগ বুলি প্ৰমাণ কৰিব পৰা কোনো থলেই নাই প্ৰ-পত্ৰত। একপ্ৰকাৰ ভোটাৰক টাৰ্গেট কৰি এই আঁচনি প্ৰস্তুত কৰা হৈছে বুলি অভিযোগ প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ।


প্ৰতিবন্ধী সুৰক্ষা মঞ্চই দিব্যাংগ পেঞ্চন আঁচনি বন্ধ নকৰিবলৈ চৰকাৰক দাবী জনাইছে। পূৰ্বৰ দৰেই আঁচনিখন অব্য়াহত নাৰাখিলে চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ লাখ লাখ দিব্যাংগ আন্দোলনত নামিব বুলিও হুংকাৰ দিছে।

শেহতীয়া বাতৰি