"প্ৰতীক হাজেলাই অসমীয়াক ঠগিছিল ৷ অসমীয়াৰ আৱেগৰ সৈতে খেলা কৰিছিল ৷ ইমান আশাৰে অসমবাসীয়ে এখন শুদ্ধ NRC বিচাৰিছিল, কিন্তু নাপালে ৷ অসমবাসীক পংগু কৰি মধ্যপ্ৰদেশ পোৱা হাজেলা এতিয়া অসমলৈ আহি আছে ৷ অসমলৈ আহি প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব IAS বিষয়া প্ৰতীক হাজেলা ৷ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব আমাৰো ৷ বহু গোচৰ আছে হাজেলাৰ বিৰুদ্ধে ৷ হাজেলাই শাস্তি পাব লাগিব ৷ পাপ কৰিছিল, সেই পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব ৷"—এইদৰে ক'লে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই
অসমীয়া জাতিৰ আয়ুস ৰেখা, জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ কিন্তু নাগৰিকপঞ্জী এতিয়া জাতিটোৰ আয়ুস ৰেখা হৈ নাথাকিল ৷ হ’লগৈ জাতিটোৰ বাবে ব'ব নোৱাৰা ভাৰ ৷ কাৰণ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ থকাৰ অভিযোগত ৰাজ্য চৰকাৰে আজিও গ্ৰহণ কৰা নাই নাগৰিকপঞ্জী ৷ NRCক লৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰি আহিছে আছুৱেও ৷
এনে এক পৰিৱেশৰ মাজতে ২০১৯ চনত অসম এৰি যোৱা NRCৰ মূল ব্যক্তি প্ৰতীক হাজেলা অসমলৈ আহি আছে ৷ এই সময়খিনিত AASU, ৰাজ্য চৰকাৰে কিদৰে জবাবদিহী কৰিব হাজেলাক? হয়তো CAGত উল্লেখ হোৱা ২৬০কোটিৰ দুৰ্নীতি, অ-খিলঞ্জীয়াক OI কৰাৰ প্ৰসংগ অন্যতম হ'ব হাজেলাক জবাবদিহী কৰাত ৷
প্ৰতীক হাজেলাৰ আগমনৰ এই খবৰৰ সময়তে সন্মুখলৈ আহিছে NRCত সংঘটিত হোৱা আন এক বিতৰ্কিত অধ্যায় ৷ কামৰূপৰ তদানিন্তন উপায়ুক্ত কমল বৈশ্যই NRCৰ উন্নীত কালীন সময়তে জিলাখনৰ চমৰীয়াত প্ৰায় ৬৪ হাজাৰ লোকক OI প্ৰদান কৰাক লৈ সন্দেহ প্ৰকাশকৰি সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ দিছিল ৷ এটা আংশিক তদন্তত ১৪ হাজাৰ সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য প্ৰকাশ পোৱাৰ কথা পত্ৰখনত উপায়ুক্ত বৈশ্যই উল্লেখ কৰিছিল ৷
আনকি বৈশ্যই পত্ৰখনৰ জৰিয়তে অখিলঞ্জীয়াক OI প্ৰদান কৰাৰ সময়ত NSK সমূহৰ দায়িত্ববাহী ৬ বিষয়া ক্ৰমে ৰণবীৰ বৰা, শুকুৰ আলী, গৌতম চৌধুৰী, যুগল দাস, যাদৱ ডেকা,ছৈয়দ জইনাল হুছেইনৰ নামো উল্লেখ কৰিছিল পত্ৰখনত ৷ কামৰূপৰ উপায়ুক্ত কমল বৈশ্যই দিয়া সেই পত্ৰৰ ভিত্তিত ৰাজ্য চৰকাৰৰ প্ৰশ্নৰ সন্মুখীন হয়তো হ'ব লাগিব হাজেলা ৷ প্ৰতীক হাজেলাৰ আগমনক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ক'লে, "বিজেপি দলে প্ৰতীক হাজেলাৰ কৰি যাব বিৰোধিতা ৷ আইনৰ ওপৰত বিশ্বাস আছে বিজেপিৰ ৷"
Published by: Subham Goswami
FIRST PUBLISHED : April 01, 2023, 21:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।