অহা ১৫ জুনত প্ৰকাশ পাব NRCৰ এখন অতিৰিক্ত খচৰা। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তৎপৰ NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত নিয়োজিত বিষয়াক অন্য কামত নলগাবলৈ প্ৰতিজনক উপায়ুক্তক নিৰ্দেশ হাজেলাৰ। সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি জিলাসমূহৰ উপায়ুক্তলৈ এনআৰচিৰ ৰাজ্যিক সম্বনয়ক প্ৰতীক হাজেলাই প্ৰেৰণ কৰা এক নিৰ্দেশত স্পষ্ট হৈছে এই গুৰুত্বপূৰ্ণ তথ্য। এই নিৰ্দেশনা অনুসৰি ১৫জুনত অতিৰিক্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে ১৬জুনৰ পৰা খচৰাত অন্তৰ্ভুক্ত লোকসকলে নিজৰ দাবী উত্থাপন কৰিব পাৰিব। উল্লেখযোগ্য ় যে ২০১৭ৰ ৩১ডিচেম্বৰত প্ৰকাশ পায় প্ৰথম খচৰা, ইয়াৰ পিছত ২০১৮চনৰ ৩১জুলাইত প্ৰকাশ পায় এনআৰচিৰ দ্বিতীয় তথা চূড়ান্ত খচৰা। এই খচৰাত ২,৮৯,৮৩,৬৭৭জন লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ৪০,০৭,৭০৭জন লোকৰ নাম কৰ্তন হয়। নাগৰিকপঞ্জীৰ খচৰাত সন্দেহজনক লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ দাবী উত্থাপন হৈছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ খচৰাত যিসকল লোকৰ নাম সন্দেহজনক বা ন্যায়ালয়ে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিৰ নাম আছে, ডি–ভোটাৰ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ব্যক্তি, দল–সংগঠনে অভিযোগ দাখিল কৰিছে তেনে লোকৰ নাম সামৰিয়ে ১৫জুনৰ অতিৰিক্ত খচৰা প্ৰকাশ কৰা হ’ব। অতিৰিক্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা সন্দেহজনক লোকসকলে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ সুযোগ ১৬জুনৰ পৰা ৩০জুনলৈ লাভ কৰিব। নথি–পত্ৰ জমা পৰীক্ষাৰ অন্তত যিসকল লোক ভাৰতীয় বুলি বিবেচিত হ’ব তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ’ব আৰু যিসকল লোকে ভাৰতীয় হোৱাৰ প্ৰমাণ তুলিব নোৱাৰে তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহয়। ইয়াৰ লগতে লোকসভা নিৰ্বাচনত নিয়োজিত এনআৰচিৰ বিষয়া–কৰ্মচাৰীসকলক নিৰ্বাচনী কাম–কাজ সম্পন্ন হোৱাৰ পিছতে পুনৰ কামত লগাৰ নিৰ্দেশ দিয়া হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|