মুখ্যপৃষ্ঠা »খবৰ »অসম »হুইল চেয়াৰত বহিয়েই কইনাই ল’লে আশীৰ্বাদ! প্ৰশান্ত আৰু ৰশ্মিৰেখাৰ বৈবাহিক জীৱনলৈ সকলোৰে শুভেচ্ছা

হুইল চেয়াৰত বহিয়েই কইনাই ল’লে আশীৰ্বাদ! প্ৰশান্ত আৰু ৰশ্মিৰেখাৰ বৈবাহিক জীৱনলৈ সকলোৰে শুভেচ্ছা

এগৰাকী দিব্যাংগ যুৱতীক জীৱনৰ লগৰী হিচাপে আঁকোৱালি লোৱা মাজুলীৰ যুৱক প্ৰশান্ত ফুকনৰ মহানোভৱতাক সকলোৱেই এতিয়া একেমুখে শলাগ লৈছে ৷

এগৰাকী দিব্যাংগ যুৱতীক জীৱনৰ লগৰী হিচাপে আঁকোৱালি লোৱা মাজুলীৰ যুৱক প্ৰশান্ত ফুকনৰ মহানোভৱতাক সকলোৱেই এতিয়া একেমুখে শলাগ লৈছে ৷

এগৰাকী দিব্যাংগ যুৱতীক জীৱনৰ লগৰী হিচাপে আঁকোৱালি লোৱা মাজুলীৰ যুৱক প্ৰশান্ত ফুকনৰ মহানোভৱতাক সকলোৱেই এতিয়া একেমুখে শলাগ লৈছে ৷

  • Share this:
প্ৰৱল প্ৰত্যাহ্বানৰ মাজেৰে জীৱন অতিবাহিত কৰিলেও হুইল চেয়াৰতে সীমাবদ্ধ নহয় দিব্যাংগসকলৰ জীৱন ৷ বহুতে ভবা ধৰণে দিব্যাংগ সকলৰ জীৱন স্বপ্নহীনো নহয়। এই কথাই যেন প্ৰমাণ কৰিলে চতিয়াৰ দিব্যাংগ যুৱতী ৰশ্মিৰেখা ভূঞাই। ৰশ্মিৰেখাৰ প্ৰত্যাহ্বানেৰে ভৰা জীৱনটোক নতুনকৈ সঁজাবলৈ যেন আগবাঢ়ি আহিল মাজুলীৰ প্ৰশান্ত ফুকন।

চতিয়াৰ বাৰভূঞা গাঁৱৰ প্ৰয়াত শিক্ষক থানেশ্বৰ ভূঞা আৰু শিক্ষয়িত্ৰী কুঞ্জলতা ভূঞাৰ কন্যা ৰশ্মিৰেখা ভূঞা বিবাহপাশত আৱদ্ধ হ'ল মাজুলীৰ যুৱক প্ৰশান্তৰ সৈতে ৷ জন্মৰ পিছৰে পৰা ‘স্পাইনেল মাছকিউলাৰ’ নামৰ  জটিল ৰোগত আক্ৰান্ত হোৱা ৰশ্মিৰেখাৰ সংগী হৈ পৰিছিল হুইল চেয়াৰ খন।

ছচিয়েল মিডিয়াতো এতিয়া ব্যাপক চৰ্চা চলিছে ৰশ্মিৰেখা আৰু প্ৰশান্তৰ বিয়াখনকলৈ। দুয়োকে বৈবাহিক জীৱনৰ বাবে শুভেচ্ছা জনাইছে সকলোৱে। এগৰাকী দিব্যাংগ যুৱতীক জীৱনৰ লগৰী হিচাপে আঁকোৱালি লোৱা মাজুলীৰ যুৱক প্ৰশান্ত ফুকনৰ মহানোভৱতাক সকলোৱেই একেমুখে শলাগ লৈছে ৷

শাৰীৰিৰ প্ৰতিবন্ধকতা থাকিলেও ৰশ্মিৰেখাৰ আছে অদম্য মানসিক শক্তি।  নিজৰ মনোবল অটুত ৰাখি ৰশ্মিৰেখা ভূঞাই গ্ৰহণ কৰিলে উচ্ছ শিক্ষা ৷ সাহিত্যিক হোমেন বৰগোহাঞি আৰু অমৰজ্যোতি চৌধুৰীৰ সংস্পৰ্শলৈ অহা ৰশ্মিৰেখাই লাহে লাহে নিজকে আত্মনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে সাহিত্য চৰ্চাত ৷ দুয়োগৰাকী সাহিত্যিকৰ পৰা অনুপ্ৰাণিত হৈ ৰশ্মিৰেখাই আত্মজীৱনী মূলক উপন্যাস ‘মেঘে ঢকা আকাশৰ জোন’ , উপন্যাস ‘জীৱন বীণাৰ সুৰ’, ‘জিগলো’ আৰু গল্প সংকলন ‘এজনী বেশ্যাৰ আত্মকথা’ আদি লিখি উলিয়ালে।

লাহে লাহে ৰশ্মিৰেখাৰ বহু সৃষ্টি বাতৰি কাকত আৰু আলোচনীতো প্ৰকাশ পাবলৈ ধৰে ৷ সাহিত্য সৃষ্টিৰ বাবে ৰশ্মিয়ে ইতিমধ্যে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

শেহতীয়া বাতৰি