মুখ্যপৃষ্ঠা »খবৰ »অসম »NALBARI : নলবাৰী নাট্য মন্দিৰত আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা

NALBARI : নলবাৰী নাট্য মন্দিৰত আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা

নলবাৰী নাট্য মন্দিৰত আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা*নাট প্ৰতিযোগিতা উদ্ধোধন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই*

নলবাৰী নাট্য মন্দিৰত আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা*নাট প্ৰতিযোগিতা উদ্ধোধন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই*

  • Share this:

আৰম্ভ হ'ল নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩৩ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা। মাধ্যম আন্দোলনৰ এগৰাকী অক্লান্ত যোদ্ধা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ সোঁৱৰণত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতা তিনিদিনীয়াকৈ নলবাৰীৰ নাট্য মন্দিৰত  অনুষ্ঠিত কৰা হয়।


এই প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২১টা দলে অংশগ্ৰহণ কৰে। একাংক নাট  প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাই। সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ  বৰুৱাৰ লগতে উপ-সভাপতি ধৰ্মেশ্বৰ দাস আৰু বিত্ত সম্পাদককে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় নেতৃবৃন্দৰ উপৰি বিশিষ্ট  বিশিষ্ট ব্যক্তিসকল৷


আনহাতে  উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে এটা সময়ত ছাত্ৰ সন্থাৰ বাবে বলিষ্ঠ ভূমিকা লোৱা প্ৰসন্ন নাৰায়ণ চৌধুৰীক সোঁৱৰণ কৰিছোঁ। মাধ্যম আন্দোলনৰ নেতৃত্ব দিয়া অন্যতম নেতা আছিল প্ৰসন্ন নাৰায়ণ চৌধুৰী৷ মাধ্যম আন্দোলননো কি আজিৰ ছাত্ৰ-ছাত্ৰীসকলে জনাটো প্ৰয়োজন আছে বুলি কয় সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ মাধ্যম আন্দোলনৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ ত্যাগৰ বাবে আজি মাধ্যম আন্দোলন সফল হ’ল বুলিও তেওঁ উল্লেখ কৰে।

শেহতীয়া বাতৰি