অসমীয়া ভাষা বাচি থকালৈকেহে অসমীয়া জাতিয়ে প্ৰকৃত সন্মান পাব। ভাষা নাই মানে আমাৰ কোনো মানো নাই। গুৱাহাটীত দেওবাৰে বিশিষ্ট চিকিত্সক, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰৱন্ধক প্ৰাণজিত্ প্ৰাণ বৰুৱাৰ উপন্যাস ‘অন্তস্ৰোত’ উন্মোচন কৰি এই মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই।
অসমীয়া ভাষালৈ নামি অহা সংকট সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি ডাঃ বৰাই কয়- ভাষাই জাতিটোৰ পোটন গভীৰ কৰি তাক যি পৰিব্যাপ্তি দিয়ে আন কোনো মাধ্যমে সেই কাম কৰিব নোৱাৰে। উন্মোচনী অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ লীলাৱতী শইকীয়া বৰাই ঔপন্যাসিক বৰুৱাৰ সাহিত্য কৰ্ম সন্দৰ্ভত কয়- বৰুৱাৰ ভাষা বৰ প্ৰাঞ্জল। পাঠকে তেওঁৰ উপন্যাস বা আন ৰচনা অধ্যয়ন কৰি থাকোঁতে কিতাপৰ মাজৰ কথাখিনি ছবিৰ ৰূপত চকুৰ সমুখত ভাহি উঠে।
সাহিত্য ক্ষেত্ৰখনত বৰুৱাৰ পৰিচয় কম যদিও ডাঃ বৰাৰ মতে তেওঁ যিখিনি লিখিছে সেইখিনিৰেই তেওঁ নিজা এটা স্থান পাঠকৰ মাজত তৈয়াৰ কৰি লৈছে। অনুষ্ঠানটোত IIT গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰবীণ বৰা, ‘অইল’ৰ মুখ্য মহাপ্ৰৱন্ধক ৰাজীৱ বৰুৱাকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|