• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত, কাইলৈ আৰু এগৰাকী কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত, কাইলৈ আৰু এগৰাকী কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

উপনিৰ্বাচন হ'বলগীয়া থাওৰা, মৰিয়নিত ভোটৰ অংক সলনিৰ স্পষ্ট ইংগিত

উপনিৰ্বাচন হ'বলগীয়া থাওৰা, মৰিয়নিত ভোটৰ অংক সলনিৰ স্পষ্ট ইংগিত

উপনিৰ্বাচন হ'বলগীয়া থাওৰা, মৰিয়নিত ভোটৰ অংক সলনিৰ স্পষ্ট ইংগিত

  • Share this:

সন্মুখত ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত উপ-নিৰ্বাচন থাওৰা,মৰিয়নি,ভৱানীপুৰ, গোসাঁইগাঁও, তামুলপুৰৰ উপ–নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া ৷ কংগ্ৰেছ এৰি বিজেপিত যোগ দিব প্ৰাক্তন ড'নাৰ মন্ত্ৰী পৱনসিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে ৷ প্ৰাঞ্জল ঘাটোৱাৰ হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ–সভাপতি ৷


পিতৃ পৱন সিং ঘাটোৱাৰ আৰু মাতৃ জীৱনতাৰা ঘাটোৱাৰৰ কংগ্ৰেছত আছে এক সুকীয়া পৰিচয় ৷ পৱনসিং ঘাটোৱাৰ বৰ্তমান অসম চাহ মজদুৰ সংঘৰ সভাপতি ৷ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত ঘাটোৱাৰ পৰিয়ালৰ আছে বিশেষ জনপ্ৰিয়তা ৷ উপনিৰ্বাচন হ'বলগীয়া থাওৰা, মৰিয়নিত প্ৰভাৱ আছে চাহ জনগোষ্ঠীয় ভোটৰ৷ তেনেস্থলত প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান হ'ব কংগ্ৰেছ দলটোৰ বাবে এক বৃহৎ ক্ষতি ৷


উল্লেখ কৰিব পাৰি যে বিভিন্ন উন্নয়নমূলক আঁচনিৰে বিজেপি দলটো ইতিমধ্যে সোমাই পৰিছে চাহ জনগোষ্ঠীৰ ভোটাৰৰ মাজত ৷ ২০১৬ আৰু ২০২১ৰ বিধানসভা নিৰ্বাচন আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে তুলনামূলকভাৱে অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল চাহ জনগোষ্ঠীৰ ভোটাৰৰ ৷


ইয়াৰ মাজতে উনুকিয়াব পাৰি যে প্ৰাক্তন ড'নাৰ মন্ত্ৰী পৱনসিং ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি চলি আছিল ব্যাপক চৰ্চা ৷ এই সময়ছোৱাত পৱনসিং ঘাটোৱাৰে পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিব বুলি একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দেওবাৰে বিয়লি ৪.৩০বজাত  বিজেপিত যোগদান  কৰিব প্ৰাঞ্জল ঘাটোৱাৰে ৷

Published by:Gautam Barman
First published: