• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP: বিধায়ক চক্ৰধৰ গগৈ, মন্ত্ৰী ৰামেশ্বৰ তেলীলৈ প্ৰত্যাহ্বান! বিজেপিলৈ আহি আছে প্ৰাঞ্জল ঘাটোৱাৰ!

BJP: বিধায়ক চক্ৰধৰ গগৈ, মন্ত্ৰী ৰামেশ্বৰ তেলীলৈ প্ৰত্যাহ্বান! বিজেপিলৈ আহি আছে প্ৰাঞ্জল ঘাটোৱাৰ!

প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে BJPৰ সংগঠনত পেলাব বিৰূপ প্ৰভাৱ: চক্ৰ গগৈ

প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে BJPৰ সংগঠনত পেলাব বিৰূপ প্ৰভাৱ: চক্ৰ গগৈ

প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে BJPৰ সংগঠনত পেলাব বিৰূপ প্ৰভাৱ: চক্ৰ গগৈ

  • Share this:
শেহতীয়াকৈ শাসকীয় গেৰুৱা দলৰ ৰাষ্ট্ৰীয় নেতাৰ আগমন সঘনাই ঘটিছে অসমলৈ ৷ অহা ৭ আৰু ৮ অক্টোবৰত অসমলৈ আহিব বিজেপি (BJP)ৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda)আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah) ৷ ৭ অক্টোবৰত পদ্ম ভৱনত উত্তৰ পূবৰ সাংগঠনিক বৈঠকত মিলিত হ'ব জে পি নাড্ডা আৰু ৮ অক্টোবৰত দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই মুকলি কৰিব বশিষ্ঠৰ নৱনিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় (Assam BJP Office) ৷ কাৰ্যালয় মুকলিৰ পিছতে খানাপাৰাত আছে বিজেপিৰ বৃহৎ কাৰ্যকৰ্তা সন্মিলন ৷ এই কাৰ্যকৰ্তা সন্মিলনতে বিজেপিত যোগ দিব হাইপ্ৰফাইল বহু নেতাই ৷

বৰাক উপত্যকাৰ কংগ্ৰেছী ৰাহুল ৰয়, অজিত সিঙে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা ৷ একেটা দিনতে আছু আৰু আন সংগঠনৰ নেতাই যোগ দিব বিজেপিত ৷ খানাপাৰাতে দুই ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ উপস্থিতিত বিজেপিত যোগ দিব পাৰে প্ৰাঞ্জল ঘাটোৱাৰে ৷ যি খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমত ৷

উজনিৰ প্ৰতাপী চাহ জনগোষ্ঠীয় কংগ্ৰেছী নেতা পৱনসিং ঘাটোৱাৰ (Pawansingh Ghatowar) আৰু জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি আগমনক লৈ তলে তলে বিজেপিত আৰম্ভ হৈছে বিৰোধ ৷ প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানৰ লগে লগে মৰাণৰ বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈলৈ আহি পৰিব প্ৰত্যাহ্বান ৷ অৱশ্যে এই কথা স্বীকাৰ নকৰি প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে বিজেপিৰ সংগঠনত প্ৰভাৱ পেলাব বুলি ক'লে মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে ৷

শনিবাৰে সংবাদ মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰাণৰ বিধায়ক গৰাকীয়ে এইদৰে কয়, "প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিলৈ আহিব বুলি অব্যাহত থকা চৰ্চাই হাঁহিৰ খোৰাক যোগাইছে ৷ আশ্ৰয় বিচাৰি বিজেপিলৈ মন মেলিছে নেকি ঘাটোৱাৰে  প্ৰাঞ্জল ঘাটোৱাৰৰ শক্তি আৰু সম্ভাৱনা মই একো দেখা নাই ৷ প্ৰাঞ্জল ঘাটোৱাৰেই নহয়, তেওৰ পিতৃকো পৰাজিত কৰিছোঁ ৷ ঘাটোৱাৰে বিজেপিত যোগদান কৰাটো দলীয় কৰ্মীয়ে বিচৰা নাই ৷ ঘাটোৱাৰ পৰিয়ালৰাজৰ পৰা পৰিত্ৰাণ বিচাৰিছে সমষ্টিবাসীয়ে ৷ ঘাটোৱাৰ দললৈ আহিলে সাংগঠনিক দিশত বিৰূপ প্ৰভাৱ পৰিব কিন্তু !"

চক্ৰ গগৈৰ লগতে ঘাটোৱাৰ পৰিয়ালৰ বিজেপি আগমনৰ লগে লগে চাহ জনগোষ্ঠীয় নেতা বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameswar Teli)লৈও এক প্ৰকাৰ আহিব পাৰে বৃহৎ প্ৰত্যাহ্বান ৷ একমাত্ৰ চাহ জনগোষ্ঠীয় নেতা বুলিয়েই বাৰে বাৰে বিজেপিৰ টিকট পোৱা আৰু এইবাৰ মন্ত্ৰীত্বৰো সোৱাদ লোৱা সাংসদ তেলীৰ কাম-কাজক লৈ সুখী নহয় সমষ্টিৰ লোক ৷ ক্ৰমান্বয়ে জনপ্ৰিয়তা হেৰুওৱা তেলীৰ সন্মুখত প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানে আনিছে ৰাজনৈতিক কেৰীয়াৰলৈ অনিশ্চয়তা ৷

একেদৰে প্ৰত্যাহ্বান আহিব পাৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালালৈ ৷ উজনিৰ বিজেপিৰ চাহ জনগোষ্ঠীয় নেতাৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়েও বিৰোধ কৰিছে প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানৰ ৷ কিন্তু এই বিৰোধে যে প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান ৰোধ কৰিব যে নোৱাৰে সেয়া একপ্ৰকাৰ নিশ্চিত ৷

আনহাতে জে পি নাড্ডা আৰু অমিত শ্বাহে খানাপাৰাতে ৭৫টা মণ্ডল বিজেপি কাৰ্যালয়ৰ কৰিব আধাৰশিলা ৷ ৪০খন জিলা বিজেপিক দিব একোখনকৈ বাহন ৷ চাৰিচকীয়া একোখনকৈ বাহন লাভ কৰিব বিজেপিৰ আঠোটা মৰ্চাই ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি