ফাটি যোৱা এটা কেৰেলা আৰু জু–ৰোডৰ গ্ৰেনেড বিস্ফোৰণ

৬ মে’তে ফেচবুকত বিস্ফোৰণৰ ইংগিত দিছিল নেকি প্ৰাণময় ৰাজগুৰুৱে?

news18assam
Updated:May 17, 2019, 8:36 PM IST
ফাটি যোৱা এটা কেৰেলা আৰু জু–ৰোডৰ গ্ৰেনেড বিস্ফোৰণ
৬ মে’তে ফেচবুকত বিস্ফোৰণৰ ইংগিত দিছিল নেকি প্ৰাণময় ৰাজগুৰুৱে?
news18assam
Updated: May 17, 2019, 8:36 PM IST
জু–ৰোডৰ বিস্ফোৰণৰ ঘটনাত জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুক। তেওঁৰ লগতে পাঞ্জাবাৰীৰ ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰাজগুৰুৱে ভগ্নী বুলি চিনাকি দিয়া জাহ্নৱী শইকীয়াকো। জাহ্নৱীৰ ভাৰাঘৰটোতেই জু–ৰোডৰ বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। কাৰণ বিস্ফোৰণ সংঘটিত হোৱাৰ ঠিক পূৰ্বে এই ভাৰাঘৰটোৰ পৰা বাৰে বাৰে ফোন কৰিছিল এটা বিশেষ নম্বৰলৈ।

এইখিনিতে প্ৰাণময় ৰাজগুৰুৰ এটা ফেচবুক পোষ্টে চিন্তাৰ উদ্ৰেগ ঘটাইছে। ৬ মে’ত প্ৰাণময় ৰাজগুৰুৱে ফেচবুকত এটা ফাটি যোৱা কেৰেলাৰ ফটো আপলোড কৰিছিল। সেইদিনা পুৱা ৯.৩০ বজাত ৰাজগুৰুৱে ফেচবুকত আপলোড কৰিছিল ফাটি যোৱা কেৰেলাৰ ফটোখন। কিহৰ বাবে আলোচনাপন্থী আলফা নেতাজনে আপলোড কৰিছিল ফাটি যোৱা কেৰেলাৰ ফটো? এয়া কূটাঘাতৰে এক ইংগিত আছিল নেকি!



তাৰ কেইদিনমান পিছত আন এটা পোষ্ট কৰিছিল প্ৰাণময় ৰাজগুৰুৱে। পোষ্টটোত তেওঁ লিখিছিল ‘উজাগৰি নিশাবোৰ লালন পালন কৰা সঁচাকৈয়ে বৰ জটিল।’ মনৰ উদ্বিগ্নতা হয়তো তেওঁ ধৰি ৰাখিব পৰা নাছিল আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে বহিঃপ্ৰকাশ ঘটিছিল জু–ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ এই ভয়ংকৰ পৰিকল্পনা।

আৰু চাওক পৰৱৰ্তী বাতৰি