মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত থকা অভিযুক্ত প্ৰণৱ দত্ত আৰু কুমুদ ৰাজখোৱাক নিলম্বন কৰা হৈছে। লখিমপুৰ জিলা স্কুলসমূহৰ পৰিদৰ্শকে দুয়োগৰাকী অভিযুক্তক নিলম্বন কৰে।
উল্লেখ্য, মূল মাষ্টাৰমাইণ্ড প্ৰণৱ দত্তক কালি লখিমপুৰত আটক কৰাৰ পিছতে চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিল যে অসমীয়া বিষয় পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল কৰা হৈছিল। ইয়াৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে ছেবাক পৰীক্ষাসূচী নতুনকৈ নিৰ্ধাৰণ কৰিবলৈ কৈছিল। আন এগৰাকী অভিযুক্ত কুমুদ ৰাজখোৱাই পলায়ন কৰিছিল যদিও আজি তেওঁ থানাত আত্মসমৰ্পণ কৰে।
আনহাতে আজি পুনৰ তিনি দিনৰ জিম্মাত ল'লে ভাওৰি দেৱী চেৰাউগী মূকবধিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্যোতিৰেখা বৰগোহাঁই আৰু শিক্ষক হেৰম্ব দাসক ৷ ইয়াৰ লগতে ছেবাৰ মালী চিত্ৰ ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2023, 22:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।