‘আমি একএিত হৈ বিটিআৰবাসী ৰাইজলৈ সেৱা আগবঢ়াব বিচাৰিছো। পূৰ্বে বিটিআৰবাসীয়ে বহুত কষ্ট পালে। বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়েই শান্তিৰে কটাব পাৰিব। আমি টীম হিচাপে কাম কৰিম।’- মুখ্যমন্ত্ৰীয়ে প্ৰমোদ বড়োক বিটিচিৰ নতুন চীফ ঘোষণা কৰাৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে সংবাদ মেলত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে। ইফালে ইপিপি এলক নেডাত চামিল কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্ দাসকো অনুৰোধ জনালে প্ৰমোদ বড়োৱে।
একেখন সংবাদ মেলতে উপস্থিত থাকি ৰণজিত্ দাসে কয় যে, ‘বিটিআৰ বাসীয়ে পৰিৱৰ্তন বিচাৰিছিল। আৰু তাৰ বাবেই ভোট দিলে বিটিআৰবাসীয়ে।’ বিটিচিৰ বিজেপি কৰ্মীকো ধন্যবাদ জ্ঞাপন কৰে ৰণজিত্ দাসে।
আনহাতে অহা ১৫ ডিচেম্বৰত বিটিচিৰ পৰৱৰ্তী পৰিষদৰ শপত গ্ৰহণ হ’ব পাৰে। এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যপালৰ সৈতে আলোচনা কৰা হৈছে।
আনহাতে চৰকাৰৰ অংশীদাৰ গণ সুৰক্ষা পাৰ্টীৰ নৱ শৰণীয়াই আশীৰ্বাদ বিচাৰে ৰাইজৰ পৰা। কোকৰাঝাৰৰ সাংসদগৰাকীৰ মতে, প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিবাসীয়ে যথেষ্ট সহযোগিতা পাব, উন্নয়ন হ’ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|