உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জে'ললৈ যাব নেকি হাগ্ৰামা মহিলাৰী? সৰৱ প্ৰমোদ বড়ো-গোবিন্দ বসুমতাৰী

    জে'ললৈ যাব নেকি হাগ্ৰামা মহিলাৰী? সৰৱ প্ৰমোদ বড়ো-গোবিন্দ বসুমতাৰী

    BJPয়ে BPFৰে মিত্ৰতা কৰিলে ৰাজনীতি এৰিব নেকি প্ৰমোদ বড়োৱে?

    BJPয়ে BPFৰে মিত্ৰতা কৰিলে ৰাজনীতি এৰিব নেকি প্ৰমোদ বড়োৱে?

    BJPয়ে BPFৰে মিত্ৰতা কৰিলে ৰাজনীতি এৰিব নেকি প্ৰমোদ বড়োৱে?

    • Share this:
    BTCত সোতৰটা বছৰে শাসন চলোৱা BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে NIA আৰু CBIয়ে চলাই থকা তদন্তত কি ওলাইছে? হাগ্ৰামা মহিলাৰী জে'ললৈ যাবলগীয়া পৰিস্থিতি হ'ব নেকি? এই চৰ্চা চলাৰ সময়তে দিছপুৰত বৃহস্পতিবাৰে সৰৱ হৈ উঠিল BTRৰ মুৰব্বী প্ৰমোদ বড়ো আৰু উপ মুৰব্বী গোবিন্দ বসুমতাৰী ৷ লগতে BJPয়ে BPFৰ সৈতে মিত্ৰতা কৰিলে প্ৰমোদ বড়োয়ে কি সিদ্ধান্ত ল'ব? তাৰো উত্তৰ দিলে UPPL তথা BTRৰ মূৰব্বী প্ৰমোদ বড়োৱে ৷

    BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ভৱিষ্যত কি? জে'ললৈ যাবলগীয়া হ'ব নেকি হাগ্ৰামা মহিলাৰীৰ? এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ খুলিলে BTRৰ মুৰব্বী তথা UPPLৰ সভাপতি প্ৰমোদ বড়োৱে ৷ বড়োৱে ক'লে- “হাগ্ৰামাৰ বিৰুদ্ধে চলি আছে NIAৰ তদন্ত ৷ হাগ্ৰামাৰ বিৰুদ্ধে চলি আছে CBIৰ তদন্ত ৷ তদন্তত কি ওলাইছে সেই কথা মই নাজানো ৷”

    বড়োভূমিত এসময়ত চলা অস্ত্ৰৰ ঝনঝননি আৰু হত্যা-হিংসাৰ আঁৰত কোন?BTCত কাৰ পৃষ্ঠপোষকতাত চলিছিল হত্যা-হিংসা?এই প্ৰশ্ন উত্থাপন কৰি প্ৰমোদ বড়োৱে ক'লে- “কাৰোবাৰ হাত নথকাকৈ বন্দুক চলিব নোৱাৰে ৷ বন্দুকৰ আঁৰত কোন? তদন্ত হ'বই লাগিব ৷”

    হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এনেদৰে BTRৰ মুৰব্বী প্ৰমোদ বড়ো সৰৱ হৈ উঠাৰ সময়তে BTRৰ উপ মুৰব্বী গোবিন্দ বসুমতাৰীও বহি নাথাকিল ৷ বসুমতাৰীয়ে ক'লে- “তদন্তত দোষী সাৱ্যস্ত হ'লে গ্ৰেপ্তাৰ কৰা হ'ব হাগ্ৰামাক ৷ আইন সকলোৰে বাবে সমান ৷ হাগ্ৰামা মহিলাৰী BTCৰ এসময়ৰ মুৰব্বী আছিল বুলিয়েই সাৰি যাব নোৱাৰে ৷”

    ইপিনে বড়োভূমিত অস্ত্ৰৰ ঝনঝননিৰ বাবেই ৰাজনীতিলৈ প্ৰমোদ বড়ো আহিবলগীয়া হ'ল বুলি দাবী কৰে বড়োৱে ৷ বড়োৱে ক'লে- “বড়োভূমিত হত্যা-হিংসা বন্ধ কৰা আৰু অস্ত্ৰ ঝনঝননি বন্ধ কৰাৰ স্বাৰ্থতে মই ৰাজনীতিলৈ আহিবলগীয়া হৈছে ৷”

    উল্লেখযোগ্য যে, BJPয়ে বিগত BTRৰ নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ BPFৰ সৈতে মিত্ৰতা ছেদ কৰিছিল ৷ কিন্তু শাসকীয় BJPৰে মিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ অৰ্হনিশে চেষ্টা অব্যাহত ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে ৷ এই পৰ্যন্ত BJPয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই হাগ্ৰামাক ৷

    এনে সময়ত প্ৰমোদ বড়োয়ে কি কৰিব?

    BJPয়ে যদি হাগ্ৰামা মহিলাৰীক মিত্ৰতাত লয়; তেন্তে প্ৰমোদ বড়োৱে কৰিব কি? উত্তৰ দিলে বড়োৱে- “মোৰ নিজস্ব আদৰ্শ আছে ।মই মোৰ আদৰ্শ মতে চলিম ৷ হাগ্ৰামা মহিলাৰীক যদি BJPয়ে লগত লয়, তেতিয়া যদি মই ভাৱোঁ যে এয়া মোৰ আদৰ্শৰ পৰিপন্থী বিষয়; তেন্তে মই প্ৰয়োজনত ৰাজনীতিয়ে এৰিম ৷”
    Published by:Himangshu Bhuyan
    First published: