মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'ULB দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ বাই প্ৰডাক্ট'– বিটিআৰৰ নতুন উগ্ৰপন্থী সংগঠনক লৈ প্ৰমোদ বড়ো

'ULB দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ বাই প্ৰডাক্ট'– বিটিআৰৰ নতুন উগ্ৰপন্থী সংগঠনক লৈ প্ৰমোদ বড়ো

News18 Assam | News18-Assam
Updated:September 18, 2021, 4:53 PM IST
'ULB দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ বাই প্ৰডাক্ট'– বিটিআৰৰ নতুন উগ্ৰপন্থী সংগঠনক লৈ প্ৰমোদ বড়ো
পুনৰ নতুন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশে উদ্বিগ্ন কৰি ৰাখিছে বিটিআৰ অঞ্চলক।

পুনৰ নতুন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশে উদ্বিগ্ন কৰি ৰাখিছে বিটিআৰ অঞ্চলক।

  • News18 Assam
  • Last Updated: September 18, 2021, 4:53 PM IST
  • Share this:

পৃথক বড়োলেণ্ড গঠনৰ বাবে পুনৰ বিটিআৰত আত্মপ্ৰকাশ ঘটিছে সশস্ত্ৰ সংগঠন ULBৰ ৷ উগ্ৰপন্থী সংগঠন ইউ এল বিয়ে আত্মপ্ৰকাশ কৰাৰ পিছতে অহা অক্টোবৰ মাহত অসমত ধাৰাবাহিক বিস্ফোৰণৰ ভাবুকি প্ৰকাশ কৰিছিল। আজি পুৱতিনিশা আৰক্ষীৰ এনকাউণ্টৰত নিহত দুই বড়ো যুৱক এই সংগঠনৰে জড়িত বুলি সন্দেহ কৰা হৈছে।


এনে পৰিপ্ৰক্ষিতত নতুন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ আজি মুছলপুৰত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ প্ৰমোদ বড়োৱে কয় যে নৱগঠিত উগ্ৰপন্থী সংগঠনটো দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ বাই প্ৰডাক্ট বুলি উল্লেখ কৰি কয় যে ইয়াত কোন পক্ষ জড়িত হৈ আছে সেয়া ডাঙৰ কথা নহয় ৷ কিন্তু বেআইনী কাম কৰিলে আৰক্ষী বহি নাথাকে ৷ তেওঁলোকে নিজৰ কাম কৰিব ৷



তেওঁ পুনৰ কয় যে যিসকলে হাতত পুনৰ অস্ত্ৰ তুলি লৈ কাম কৰিব বিচাৰে সেইসকলৰ ধ্বংস অনিবাৰ্য ৷ কাৰণ অস্ত্ৰই ধ্বংসহে কৰে ৷ যিটো জাতিৰ হাতত অস্ত্ৰ থাকে, সেই জাতিটোৱে ধ্বংস হৈ যায় ৷ বিটিচিৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে কোকৰাঝাৰত সংঘটিত সংঘৰ্ষৰ বিষয়ে অৱগত বুলি জানিবলৈ দি কয় যে এই বিষয়ে কোকৰাঝাৰ আৰক্ষীৰ সৈতে কথা পতা হৈছে ৷

Published by: Gautam Barman
First published: September 18, 2021, 4:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি