• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰকাৰী বিষয়া-কৰ্মচাৰীক নিৰ্দেশ- পুৱা ১০ বজাত উপস্থিত হ’বই লাগিব কাৰ্যালয়ত, সন্ধিয়া ৫ বজাতহে ছুটী

চৰকাৰী বিষয়া-কৰ্মচাৰীক নিৰ্দেশ- পুৱা ১০ বজাত উপস্থিত হ’বই লাগিব কাৰ্যালয়ত, সন্ধিয়া ৫ বজাতহে ছুটী

তিনি দিন অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ সকীয়নি প্ৰদান

তিনি দিন অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ সকীয়নি প্ৰদান

তিনি দিন অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ সকীয়নি প্ৰদান

  • Share this:

যিসকল বিষয়া-কৰ্মচাৰী পুৱা দহ বজাৰ পৰা আবেলি পাঁচ বজালৈকে নিজ দায়িত্ব আৰু কৰ্তব্য সূচাৰুপে সম্পন্ন নকৰে, সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব  বুলি কঠোৰ সকীয়নি প্ৰদান কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। মুখ্য কাৰ্যবাহী বড়োৱে বিটিচি সচিবালয়ৰ  সৰহসংখ্যক বিষয়া-কৰ্মচাৰী সময়মতে কাৰ্যালয়ত পলম কৈ অহা কাৰ্যত ক্ষুণ্ণ হৈ এই কথা ঘোষণা কৰে।


 বিটিআৰৰ মুখ্য কাৰ্যবাহী বড়োৱে  (Pramod Boro) আজি সচিবালয়ৰ ( BTC secretariat) প্ৰৱেশদ্বাৰত থিয় হৈ নিজে তদাৰক কৰি পলমকৈ অহা বিষয়া-কৰ্মচাৰীক  প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে।  তেওঁ লগতে আগন্তুক তিনি দিন অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক নিলম্বনৰো  সকীয়নি প্ৰদান কৰিছে।


বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ বিষয়া-কৰ্মচাৰী সময়মতে নিজ নিজ দায়িত্ব আৰু কৰ্মত নহাক লৈ নাৰাজ হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আজি এইদৰে নিজেই প্ৰৱেশ দ্বাৰত থিয় হৈ তদাৰক কৰে আৰু ঠিক দহ বজাৰ লগে লগে প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়ে।


প্ৰৱেশ দ্বাৰৰ বাহিৰত পলমকৈ অহা বিষয়া-কৰ্মচাৰীসকলৰ (officials) মাজত ঘটনাক লৈ আচহুৱাময় পৰিস্থিতিৰ উদ্ভৱ হয় । আনহাতে বিটিআৰৰ মুখ্য কাৰ্যবাহী বড়োৱে কেৱল সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ বাবেই এই নীতি-নিয়ম বান্ধি দিয়া নাই ।  বিটিচি সচিবালয়ৰ উপৰি বিটিআৰৰ চাৰিখন জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলি  সাংবাদিকৰ   আগত সদৰী কৰে।


 বড়োৱে লগতে অসুখ বা কিবা অসুবিধাৰ বাবে আবেদন জনাই ছুটী ল'ব লাগিব বুলি উল্লেখ কৰি মন মৰ্জি মতে আহিব, যাব বা অনুপস্থিত থকাটো সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ।


 উল্লেখ্য, বিটিচিত বিগত কেইবাবছৰ ধৰি নিজ কাৰ্যালয়ত একাংশ বিষয়া-কৰ্মচাৰী সময় মতে উপস্থিত নোহোৱা, পলমকৈ অহা তথা ইচ্ছা অনুসৰি কাৰ্যালয়ত উপস্থিত থকাটো এটা পৰম্পৰাত পৰিণত হৈছিল, যাৰ বাবে দূৰ দূৰণিৰ পৰা বিভিন্ন কাৰণত বিভিন্ন বিভাগত গাঁঠিৰ ধন ভাঙি অহা জনগণে জীয়াতু ভুগি আহিছিল।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি