মুখ্যপৃষ্ঠা »খবৰ »অসম »তামুলপুৰত সপত্নীক ভোটদান সাব্যস্ত কৰি দেৱব্ৰত শইকীয়াক সমালোচনা প্ৰমোদ বড়োৰ

তামুলপুৰত সপত্নীক ভোটদান সাব্যস্ত কৰি দেৱব্ৰত শইকীয়াক সমালোচনা প্ৰমোদ বড়োৰ

উপ–নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ফলাফল ভাল হ'বঃ প্ৰমোদ বড়ো

উপ–নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ফলাফল ভাল হ'বঃ প্ৰমোদ বড়ো

উপ–নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ফলাফল ভাল হ'বঃ প্ৰমোদ বড়ো

  • Share this:

সপত্নীক তামুলপুৰ বিধানসভা সমষ্টিত ভোটদান সাব্যস্ত কৰিলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ভোটদানৰ পিছত News18ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে উপ–নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ফলাফল ভাল হ'ব, মাত্ৰ আনুষ্ঠানিকতা বাকী আছে বুলি কয়।


বিটিআৰত তিনিখন আসনতেই মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয় হ'ব বুলি দাবী কৰে প্ৰমোদ বড়োৱে। উপ–নিৰ্বাচনত ভোটদানৰ হাৰ কম হোৱাত চিন্তিত আছিল প্ৰমোদ বড়ো।  পুৱা ৭ বজাৰ পৰা বিটিআৰৰ অন্তৰ্গত তামুলপুৰ, গোসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত শান্তিপূৰ্ণ ভোটদান হৈছে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে বড়োলেন্ড এতিয়া অস্ত্ৰমুক্ত হ'বলৈ গৈ আছে বুলি কয়।


হিমন্ত বিশ্ব শৰ্মাৰ গাখীৰৰ প্ৰসংগত প্ৰত্যুত্তৰ দিয়া দেৱব্ৰত শইকীয়াক উভতি ধৰিছে প্ৰমোদ বড়োৱে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গাখীৰৰ বাবে ঘাঁহ বা বীজৰ লগতে এখন পত্ৰ প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰিছে বুলি শুকুৰবাৰে সংবাদ মাধ্যমক জনায়। তাৰ উত্তৰত প্ৰমোদ বড়োৱে কয় যে তেনে মন্তব্যৰে দেৱব্ৰত শইকীয়াৰ শিশু সুলভ মনোভাব প্ৰকট হৈছে। "সঁচাকৈয়ে যদি দেৱব্ৰত শইকীয়াই মোলৈ ঘাঁহ বা বীজ পঠিয়াই, সেয়া মই গ্ৰহণ কৰিম" বুলি কয় বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে।

শেহতীয়া বাতৰি