মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'দুৰ্নীতিকাৰীসকল সাৱধান! মই আহি আছো'- শপত গ্ৰহণৰ আগনিশা প্ৰমোদ বড়োৰ সৰ্তকবাণী

'দুৰ্নীতিকাৰীসকল সাৱধান! মই আহি আছো'- শপত গ্ৰহণৰ আগনিশা প্ৰমোদ বড়োৰ সৰ্তকবাণী

News18 Assam | News18-Assam
Updated:December 14, 2020, 10:53 PM IST
'দুৰ্নীতিকাৰীসকল সাৱধান! মই আহি আছো'- শপত গ্ৰহণৰ আগনিশা প্ৰমোদ বড়োৰ সৰ্তকবাণী
মঙলবাৰে কোকোৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত BTRৰ মূৰব্বী হিচাপে শপত গ্ৰহণ কৰিব প্ৰমোদ বড়োৱে ৷

মঙলবাৰে কোকোৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত BTRৰ মূৰব্বী হিচাপে শপত গ্ৰহণ কৰিব প্ৰমোদ বড়োৱে ৷

  • News18 Assam
  • Last Updated: December 14, 2020, 10:53 PM IST
  • Share this:
মঙলবাৰে কোকোৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত BTRৰ মূৰব্বী হিচাপে শপত গ্ৰহণ কৰিব প্ৰমোদ বড়োৱে ৷ শপত গ্ৰহণৰ আগনিশা News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে কঠোৰ সকীয়নি দিয়ে দুৰ্নীতিকাৰীসকলক ৷ দুৰ্নীতি BTRত কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়ে বড়োৱে ৷

প্ৰমোদ বড়োৱে কয় যে- ‘বিগত সময়ছোৱাত বহু দুৰ্নীতি আৰু কেলেংকাৰী আমাৰ পৰিষদত সংঘটিত হ'ল ৷ কোনে কিমান খেলিমেলি কৰিলে ঠিকনা নাই ৷ এতিয়া আৰু সেই দিন নাই ৷ এতিয়া আমি আহিছো চৰকাৰলৈ ৷ পৰিৱৰ্তনৰ শ্লোগান দি আমি চৰকাৰলৈ আহিছো ৷ দুৰ্নীতিকাৰীসকলক মই সৰ্তক কৰি দিও যে, আগৰ সেই দিন আৰু নাই ৷ কোনোবাই যদি দুৰ্নীতি কৰিম বুলি ভাবি আছে, তেওঁলোকে তেওঁলোকৰ মানসিকতা সলনি কৰক ৷ আমি ভাল আৰু স্বচ্ছ প্ৰশাসনৰ ব্যৱস্থা কৰিবলৈ গৈ আছো ৷ এইক্ষেত্ৰত কোনোবাই গণ্ডগোল কৰিলেই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব ৷ এই ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব ৷’

দুৰ্নীতিকাৰী আৰু ভ্ৰষ্টাচাৰী সকলক সৰ্তক কৰি দি প্ৰমোদ বড়োৱে ক'লে- “আগতে পৰিষদৰ সচিবালয়ত ফাইলেই নাথাকে বুলি শুনিছিলো ৷ চৰকাৰৰ ফাইলবোৰ ঠিকাদাৰবোৰৰ লগতহে আছিল ৷ ঠিকাদাৰে কি কি আঁচনি গ্ৰহণ কৰিব তাক ঠিক কৰি দিছিল ৷ কমিছনৰাজ চলিছিল ৷ ভুৱা হিতাধিকাৰী, ভুৱা কাম ৰূপায়ণৰে চৰকাৰী ধন আত্মসাৎ কৰিছিল ৷ এতিয়া আৰু সেইবোৰ নচলিব ৷ এতিয়া চৰকাৰী ফাইল সচিবালয়তে থাকিব লাগিব ৷ ঠিকাদাৰে ফাইল চুবলৈ নাপাব ৷”

মঙলবাৰে শপতগ্ৰহণৰ পিছতে BTRৰ সকলো চৰকাৰী শীৰ্ষ বিষয়াৰে বৈঠকত মিলত হ'ব প্ৰমোদ বড়োয়ে ৷ এই সন্দৰ্ভত বড়োৱে News18ক ক'লে- ‘সচিবালয় প্ৰথমে ঠিক হ'ব লাগিব। কিয়নো BTRৰ চাৰিখন জিলাৰ মূল প্ৰশাসনিক কেন্দ্ৰই হ'ল সচিবালয় ৷ সেয়েহে সচিবালয়ৰ বিষয়াসকল ঠিক হ'ব লাগিব ৷ ৰাইজৰ কাম সঠিক সময়ত বিষয়াসকলে কৰিব লাগিব ৷ দুৰ্নীতিতো নচলিবই ৷ ৰাইজৰ কাম সময়ত নকৰিলে কোনো বিষয়া সাৰি নাযাব ৷ বিগত ১৭বছৰে কি কি হ'ল তাৰ ওপৰত আমি পৰ্যালোচনা কৰিব লাগিব ৷ যি যি খেলি মেলি হ'ল, তাকো আমি জানিব লাগিব ৷ সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে এটা টীম হিচাপে কাম কৰিব লাগিব ৷’

‘আমি শপত গ্ৰহণৰ পিছতে BTRৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হম ৷ জাতি জনগোষ্ঠীৰ সকলো সমস্যাৰ কথা আমি আলোচনা কৰিম ৷ আমি সচিবালয়কেন্দ্ৰিক প্ৰশাসন চলাব বিচৰা নাই ৷ আমি প্ৰশাসনক ৰাইজৰ ওচৰলৈ নিবলৈ চেষ্টা কৰিম ৷ আমাৰ কাম চলাই নিয়াত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সহায় কৰিব কৰিব বুলি আশাবাদী’-এনেদৰে জনালে প্ৰমোদ বড়োয়ে ৷
Published by: Himangshu Bhuyan
First published: December 14, 2020, 10:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি