কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱন উদ্বোধন৷
কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱন উদ্বোধন৷
কোকৰাঝাৰ,৯ মাৰ্চ:বড়ো জনগোষ্ঠীৰ লগতে সমগ্ৰ বিটিআৰবাসীৰ বিভিন্ন সমস্যা সম্পৰ্কে সদনত মাত মাতিব পাৰা বড়ো জনগোষ্ঠীৰ এগৰাকী সাংসদ আগৰ পৰাই ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈ আহিছে । এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ।
বিটিআৰৰ লগতে সমগ্ৰ অসমৰ সংবাদ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ নৱ নিৰ্মিত ভৱনটো বুধবাৰে বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োই এক অনুষ্টুপীয়া অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে । তেওঁ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ পৰিপ্ৰেক্ষিতত অহা ৩১ মাৰ্চত অনুষ্ঠিত হবলগীয়া ৰাজ্য সভাৰ নিৰ্বাচনকলৈ ইউপিপিএল দলে ১১ মাৰ্চতএখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে ।
উক্ত বৈঠকতেই দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰিব বুলি কয় । ইয়াৰোপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতেও যোগাযোগ কৰা হৈছে বুলি জানিব দিয়ে । প্ৰকাশ যে এই উদ্বোধনী কাৰ্যসূচীত মুখ্য কায্যৱাহী বড়োক সংগ দিয়ে বিটিচিৰ তথ্য আৰু জন সংযোগ বিভাগৰ কাৰ্যৱাহী নীলুৎ স্বৰ্গীয়াৰীয়ে৷ তেওঁ সংবাদ মাধ্যমৰ আগত আগত কয় যে কোকৰাঝাৰ প্ৰেছ ক্লাৱ তথা সংবাদসেৱী সকলে সংবাদ সেৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূ্ৰ্ণ ভূমিকা পালন কৰি আহিছে৷ তেওঁ সংবাদ সেৱী সকলৰ সুবিধা হোৱাকৈ ২০২২ চনৰ ভিতৰতে কোকৰাঝাৰ প্ৰেছ ক্লাৱ গৃহত শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থাকৰণৰ লগতে সাংবাদিক সকলৰ সুবিধাৰ বাবে ৱাই-ফাই সংযোগ দিয়া হব৷লগতে কোকৰাঝাৰ চহৰত এটা জাৰ্ণালিষ্ট কলনী নিৰ্মাণ কৰি দিয়া হব বুলিও কয়৷
তদুপৰি ৰাজ্যখনৰ পৌৰসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁট বাহিনীয়ে দেখুওৱা ফলাফলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৱল আৰু বলিষ্ঠ নেতৃত্বত উন্নয়ন হোৱাটো বুজাইছে বুলিও কয়৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|