হাগ্ৰামাক তুলাধুনা প্ৰমোদ বড়োৰ, ক’লে – বিপিএফত গণতন্ত্ৰ নাই, হাগ্ৰামাই যি কয় সেয়ে আইন

News18 Assam | News18-Assam
Updated:October 9, 2020, 2:15 PM IST
হাগ্ৰামাক তুলাধুনা প্ৰমোদ বড়োৰ, ক’লে – বিপিএফত গণতন্ত্ৰ নাই, হাগ্ৰামাই যি কয় সেয়ে আইন
প্ৰমোদ বড়োৱে কয় যে যদি সম্ভৱ হয়  ডিচেম্বৰৰ আগত বিটিচি নিৰ্বাচন পাতিব লাগে৷ ইয়াত ৰাজ্যপালৰ শাসন প্ৰায় ছমাহ হ’ল৷ ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব লগা হৈছে৷

প্ৰমোদ বড়োৱে কয় যে যদি সম্ভৱ হয়  ডিচেম্বৰৰ আগত বিটিচি নিৰ্বাচন পাতিব লাগে৷ ইয়াত ৰাজ্যপালৰ শাসন প্ৰায় ছমাহ হ’ল৷ ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব লগা হৈছে৷

  • Share this:
নিৰ্বাচন যেতিয়া নহ’লেও এইবাৰ ইউ পি পি এলৰ নেতৃত্বত চৰকাৰ হ’ব বিটিআৰত৷ অইন দলৰ এইবাৰ কাম নহ’ব৷ বিপিএফ দল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত৷ বিটিচিৰ ৰাইজে বিপিএফ দলক  ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ইউ পি পি এল দলক আঁকোৱালি লৈছে৷ কাৰণ আগৰ বিপিএফ আজি আৰু নাই৷ বাক্সা জিলাৰ ২৪ মুছলপুৰ পৰিষদীয় সমষ্টিৰ মেদাঘাটত এক নিৰ্বাচনী সভাত অংশ  লৈ এনেদৰে কয় ইউ পি পি এল দলৰ সভাপতি  প্ৰমোদ বড়োৱে৷

হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি প্ৰমোদ বড়োৱে কয় যে বিপিএফ দলত গণতন্ত্ৰ নাই৷ হাগ্ৰামাৰ কথাই আইন৷ তাৰ বাবে ইমানুৱেল মুছাহাৰী  বিজেপিত গ’ল৷ সাংসদ বিশ্বজিৎ দৈমাৰী যাবলৈ ওলাইছে৷ আনহাতে মন্ত্ৰী চন্দন ব্ৰহ্মৰ চকু পৰিছে হাগ্ৰামাৰ আসনখনত৷ হাগ্ৰামাক কেনেকৈ দলৰ সভাপতিৰ পৰা আঁতৰাব পাৰি তাৰ কুটিল চিন্তাত নিমজ্জিত হৈছে মন্ত্ৰী চন্দন ব্ৰহ্ম  আৰু এনেকৈয়ে বিপিএফ দলটো শেষ হ’ব৷

‘‘আমি মূল্যবোধ আৰু আদৰ্শগত ৰাজনীতি কৰিব বিচাৰিছো৷ বিপিএফ দলে ৰাইজৰ মতক গুৰুত্ব নিদিয়া বাবে ক্ৰমে এলাগী হ’ব ধৰিছে৷’’ – ক’লে প্ৰমোদ বড়োৱে।

দলৰ জ্যেষ্ঠ কৰ্মী বাপন বসুমতাৰীয়ে আঁত ধৰা সভাত প্ৰমোদ বড়োৱে কয় যে যদি সম্ভৱ হয়  ডিচেম্বৰৰ আগত বিটিচি নিৰ্বাচন পাতিব লাগে৷ ইয়াত ৰাজ্যপালৰ শাসন প্ৰায় ছমাহ হ’ল৷ ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব লগা হৈছে৷ ৰাইজে বিভিন্ন জনপ্ৰতিনিধিৰ জৰিয়তে বিভিন্ন কাম হোৱাটো বিচাৰিছে৷ সৰ্বদলীয় বৈঠকতো সকলো দলে বিটিচি নিৰ্বাচন  আগুৱাই অহাটো বিচাৰিছে৷ গতিকে কোৰোণাৰ প্ৰটকল মানি যিমান পাৰি সিমান সোনকালে বিটিচি নিৰ্বাচন হ’ব লাগে৷

তেওঁ কয় যে একাংশ লোকে ইউ পি পি এলৰ চৰকাৰ হ’লে বিটিআৰৰ পৰা অসমীয়া ভাষাটো নিঃশেষ হ’ব বুলি প্ৰচাৰ চলাই আহিছে৷ কিন্তু সেয়া মই কেতিয়াও হ’ব নিদিও৷ বিটিআৰত সকলোৱে সমমৰ্যাদা, সম অধিকাৰ লাভ কৰিবলৈ সক্ষম হ’ব৷ তেওঁ কয় যে ইউ পি পি এল দলত আজি সকলো জনগোষ্ঠীৰ প্ৰতিনিধি আছে৷ সকলোৱে আমাৰ দলক বিশ্বাসত লৈছে৷ সেয়ে এইবাৰ হাগ্ৰামা বাহিনীৰ পতন হ’ব আৰু ইউ পি পি এল দলৰ চৰকাৰ শাসনলৈ আহিব৷

সভাত অংশ লৈ প্ৰমোদ বড়োৱে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক আদৰণি জনায় কয় যে বড়ো ভাষাটোৱে ৰাজ্যৰ সহযোগী ভাষা হিচাপে স্বীকৃতি পোৱাটো বড়োসকলৰ বাবে গৌৰৱৰ বিষয়৷ লগতে বিটিআৰৰ বাহিৰৰ বড়োসকলৰ বাবে চৰকাৰে স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব লোৱাটোও আদৰণীয় বুলি মত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে৷
Published by: Sanjay Kumar Das
First published: October 9, 2020, 2:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading