ৰাজনীতিক হাগ্ৰামা মহিলাৰীয়ে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে ৷ ৰাজনৈতিক দলসমূহৰো এটা নীতি থাকিব লাগে, সকলোতে সুবিধা বিচাৰিব নালাগে ৷ -এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৷ বাগসা জিলাৰ তামুলপুৰত উপস্থিত হৈ প্ৰমোদ বড়োৱে বিটিচিৰ প্ৰাক্তন মুৰব্বীজনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ উল্লেখ্য যে বিপিএফ দলে শেহতীয়াকৈ বিজেপি দলত যোগদান কৰিব বুলি ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলি আছে ৷ ইতিমধ্যে মহাজোঁট বন্ধনৰ পৰাও বিপিএফ দলে আঁতৰি আহি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰ চাপিছে ৷ অৱশ্যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ কোনে দলত যোগদান কৰে বা কোনে দল ত্যাগ কৰে, সেইবোৰ চাবলৈ সময় নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাৰ বাবে মুকলি ৰাখিছে কাৰ্যালয় ৷
ইফালে বিটিচিত নিয়াৰ দলক স্বাগতম জনাই প্ৰমোদ বড়োৱে কয়– বিটিচি অঞ্চলটোত বিগত ত্ৰিশ বছৰৰ পৰা এক সশস্ত্ৰ সংগ্ৰাম চলি আহিছিল ৷ গতিকে ইয়াত এতিয়াও বিভিন্নজনৰ হাতত অবৈধ অস্ত্ৰ আছে ৷ আমি এখন অস্ত্ৰমুক্ত বিটিআৰ বিচাৰো ৷ অবৈধ অস্ত্ৰসমূহ উদ্ধাৰ হ'ব লাগে ৷ কিয়নো অঞ্চলটোত শান্তি স্থাপনৰ বাবে তিনিখনকৈ চুক্তি সম্পাদিত হৈছে ৷ সেয়ে নতুন প্ৰজন্মটোক আগুৱাই নিয়াৰ বাবে আমি কাম কৰিব লাগে৷ প্ৰমোদ বড়োৱে অসম চৰকাৰে ঘোষণা কৰা এক লাখ চাকৰিৰ প্ৰাকক্ষণত বিটিআৰৰ প্ৰত্যেক অঞ্চলে অঞ্চলে প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তোলা হ'ব বুলি জানিবলৈ দি কয় যে সেনা বাহিনীৰ পৰা আৰম্ভ কৰি বেংক, কৃষি আদি বিভিন্ন বিভাগত বিভক্ত কৰি দিয়া হ'ব প্ৰশিক্ষণসমূহ।
অসম চৰকাৰে ঘোষণা কৰা এক লাখ চাকৰিত যাতে বিটিআৰৰ নিবনুৱা যুৱক-যুৱতীসকলে সংস্থাপন পায় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব বিটিচি পৰিষদে ৷ সেইদৰে তামুলপুৰ জিলালৈ ৰূপান্তৰ হোৱাৰ প্ৰাক ক্ষণত তামুলপুৰৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি বিভিন্ন কাৰ্যালয় ক'ত কিদৰে দিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিবলৈ আহি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে কয় যে তামুলপুৰবাসী ৰাইজৰ দীর্ঘদিনীয়া আশা পূৰণ হ'বলৈ গৈ আছে। তামুলপুৰ এতিয়া সকলো দিশত আগবাঢ়ি যাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|