অসমৰ এগৰাকী জনপ্ৰতিনিধিয়ে হেনো ৰূপ ল'ব দুৰ্গাৰ ! দুৰ্গাৰ ৰূপ লৈ নাশ কৰিব মহিষাসুৰক ৷ পিছে কোন হ'ব দুৰ্গা? জনপ্ৰতিনিধিগৰাকীয়ে দুৰ্গাৰ ৰূপলৈ নাশ কৰিব মহিষাসুৰক! পিছে মহিষাসুৰ জন কোন?
দুৰ্গতিনাশিনী দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰা হ'ল ষষ্ঠিৰ বেদীত ৷ মহিষমৰ্দিনী দেৱী দুৰ্গাই নাশ কৰিব অপায় অমংগল ৷ অসমৰ এইগৰাকী জনপ্ৰতিনিধিয়েও হেনো ল'ব দুৰ্গাৰ ৰূপ ৷ প্ৰমীলাৰাণী ব্ৰহ্মই নিজ মুখে ক'লে এই কথা ৷ বিটিচিত সাংসদ নৱ শৰণীয়াই বিটিএডি আৰ্মী গঠন কৰি বিটিচি অশান্ত কৰিব খুজিছে বুলি কৈ প্ৰমীলাৰাণী ব্ৰহ্মই সময়ত দুৰ্গাৰ ৰূপ ল'ব বুলি ক’লে।
![]()
প্ৰকাৰন্তে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই সাংসদ নৱ শৰণীয়াক আখ্যা দিলে মহিষাসুৰৰ ৷ বিটিচি নিৰ্বাচনৰ পূৰ্বে আগ্ৰাসী ৰূপত নিৰ্বাচনলৈ সাজু হোৱা অবড়ো শক্তিৰ উত্থানে শংকিত কৰিছে বিপিএফক ৷ যাৰ বাবে বিপিএফে বিচাৰিছে ইউ পি পি এল, এবছু BPFৰে একত্ৰিত হওক।
বিটিচি নিৰ্বাচনক লৈ এতিয়া তুংগত উঠিছে বিপিএফ আৰু অবড়ো ঐক্য মঞ্চৰ মাজত কথাৰ কটাকটি ৷ নৱ শৰণীয়াৰ বৃহস্পতিবাৰৰ সংবাদমেলৰ পিছত বিপিএফ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই দুৰ্গাৰ ৰূপ লৈ মহিষাসুৰক নাশ কৰিব বুলি কৰা মন্তব্যৰ পিছত নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়াহে হ'ব লক্ষণীয় ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|