• Home
  • »
  • News
  • »
  • assam
  • »
  • আইনে ব্যৱস্থা ল’ব- শ্বেৰমান আলীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ...

আইনে ব্যৱস্থা ল’ব- শ্বেৰমান আলীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ...

শ্বেৰমান আলীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

শ্বেৰমান আলীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

শ্বেৰমান আলীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

  • Share this:
শ্বেৰমান আলীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ বিজনীত আয়োজিত বড়ো সাহিত্য সভাৰ অধিবেশনত অংশ গ্ৰহণ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ।

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে আইনে ব্যৱস্থা ল’ব বুলি মন্তব্য কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ বিধায়কজনক গ্ৰেপ্তাৰৰ কথা আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে অৱগত হোৱা বুলি জানিব দি আইনে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব বুলি অধ্যক্ষ দৈমাৰীয়ে জানিব দিছে ৷ চিৰাঙৰ বিজনীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬০ তম বাৰ্ষিক অধিবেশনত অংশ লৈ এই মন্তব্য কৰে বিধানসভাৰ অধ্যক্ষজনে । দ্বিতীয় তথা অন্তিম দিনটোত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকি আদৰণি সমিতিৰ দ্বাৰা প্ৰকাশিত "দুনালি গাথৌন" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। আনহাতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত অংশগ্ৰহণ কৰিবলৈ আহি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ সন্দৰ্ভত শ্বহীদক অপমান কৰাৰ কাৰো অধিকাৰ নাই, শ্বহীদক অপমান কৰিলে শাস্তি হ'বই বুলি মন্তব্য কৰে।ইফালে আগন্তুক উপ নিৰ্বাচন ইউপিপিএলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগীয়া সমষ্টি দুটাৰ অহা কালিৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব বুলি স্পষ্ট কৰে।
Published by:Kokil Sarma
First published: