কলাক্ষেত্ৰত তৰুণ গগৈৰ অগণন গুণমুগ্ধৰ ভিৰ, শ্ৰদ্ধাঞ্জলি জনালে প্ৰফুল্ল মহন্ত, হিমন্ত বিশ্ব শৰ্মায়ো

গৌৰৱ গগৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰতে আদৰণি জনায়। প্ৰফুল্ল মহন্তক পাই সাহসী অনুভৱ কৰে গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰতে আদৰণি জনায়। প্ৰফুল্ল মহন্তক পাই সাহসী অনুভৱ কৰে গৌৰৱ গগৈয়ে।
- News18 Assam
- Last Updated: November 24, 2020, 9:11 PM IST
প্ৰয়াত তৰুণ গগৈৰ নশ্বৰ দেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পোৱাৰ সময়তে অজস্ৰ গুনমুদ্ধই ভিৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰথম এঘণ্টাতে উপস্থিত হৈ তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক অশোক সিংঘল, আঙুৰলতা ডেকা, প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, ইউপিপিএৰ মুৰব্বী প্ৰমোদ বড়ো সহিতে কংগ্ৰেছৰ সাংসদ, প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কসকলে।